বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্ত ইকবালক গ্ৰেপ্তাৰ

বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখযোগ্য যে এই ইকবাল নামৰ ব্যক্তিজনেই দুৰ্গা পূজাৰ এটা পেণ্ডলত এখন কোৰান থৈ আহিছিল। যাক কেন্দ্ৰ কৰি দেশখনত এক সাম্প্ৰদায়িক বিষবাস্প বিয়পি পৰিছিল।

ইকবালক বাংলাদেশ আৰক্ষীয়ে বিহস্পতিবাৰৰ নিশা কস্ক বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে। চি চি টি ভি ফুটেজৰ আধাৰত ইকবালক চিনাক্ত কৰিছিল আৰক্ষীয়ে। কমিল্লা পূজা পেণ্ডেলত থকা চি চি টিভিৰ ফুটেজত ধৰা পৰিছিল যে এই লোকজনে হাতত এখন কোৰান লৈ মণ্ডপৰ বাহিৰত ঘূৰি আছিল।

আন এক দৃশ্যত দেখা পোৱা গৈছিল পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰা লোকজনে পেণ্ডেলৰ ভিতৰৰ পৰা ওলাই আহোঁতে হাতত এটা গদা লৈ আহিছিল। লৈ যোৱা কোৰানখন প্ৰতিমাৰ সমীপত থৈ আহিছিল এই সন্দেহজনক ব্যক্তিগৰাকীয়ে। ইয়াৰ ফলতেই সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত ৩ জন হিন্দুলোকে প্ৰাণ হেৰুৱাইছিল।

Leave A Reply

Your email address will not be published.