অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ৰমেশ চন্দ্ৰ গোস্বামীৰ দেহাৱসান।

অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ৰমেশ চন্দ্ৰ গোস্বামীৰ দেহাৱসান।
শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে।
পুৱা ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
জু-ৰোডৰ নাৰিকলবাৰীৰ বিমলা পথৰ বাসিন্দা গোস্বামীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।
উল্লেখ্য যে, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰো সদস্য আছিল প্ৰয়াত ৰমেশ চন্দ্ৰ গোস্বামী।
গোস্বামীয়ে পৰিয়ালত এৰি থৈ হৈছে পত্নীৰ লগতে পুত্ৰ আৰু জীয়াৰীক।

Leave A Reply

Your email address will not be published.