গোলকীয় উষ্ণতাৰ বাবে দায়ী ৯৯.৯ শতাংশ মানুহ

যোৱা ৪ বছৰত ৮৮,১২৫ টা অধ্যয়নৰ ফলাফলৰ পিছত বিজ্ঞানীসকলে নিশ্চিত কৰিছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে ৯৯.৯ শতাংশ মানুহেই প্ৰধান দায়ী । গৱেষণাটো পৰিচালনা কৰিছিল নিউয়ৰ্কৰ কৰ্ণেল বিশ্ববিদ্যালয়ৰ বিজ্ঞানী মাৰ্ক লাইনছে । তেওঁ কয় যে- ২০১২ চনৰ পৰা ২০২০ চনলৈ বিভিন্ন আলোচনীত প্ৰকাশিত ৮৮০০০ তকৈও অধিক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে – গোলকীয় উষ্ণতাৰ বাবে মানুহ দায়ী ।

বৰ্ধিত উষ্ণতা নিয়ন্ত্ৰণৰ বাবে ২০১৫ চনত পেৰিছ জলবায়ু চুক্তি স্বাক্ষৰিত হৈছিল , কিন্তু বিশ্বৰ নেতাসকলৰ বাবে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ।

শেহতীয়াকৈ ৱৰ্ল্ড মেট্ৰ’লজিকেল অৰ্গেনাইজেশ্যনে এক প্ৰতিবেদনত দাবী কৰিছে যে -২০২১ ৰপৰা ২০২৫ চনৰ ভিতৰৰ যিকোনো এটা বছৰত সৰ্বাধিক তাপমাত্ৰা বৃদ্ধি পাব । যিটো তাপমাত্ৰা পূৰ্বে কেতিয়াও হোৱা নাছিল । অৰ্গেনাইজেশ্যনটোৱে ৪০ শতাংশ তাপমাত্ৰা বৃদ্ধি হোৱাৰ আশংকা কৰিছে । ইয়াৰোপৰি কেমব্ৰিজ আৰু টাবেইজেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কয় – জলবায়ু পৰিৱৰ্তনে মানুহৰ দৈৰ্ঘ্য আৰু মগজু হ্ৰাসক কৰিব পাৰে ।

আন্তৰ্জাতিক বিজ্ঞানীসকলে জলবায়ু পৰিৰ্বতনে মাছৰ বাবে সমস্যা বৃদ্ধি পাব বুলিও উল্লেখ কৰে । বহু মাছ বিলুপ্তি হোৱাৰ আশংকা কৰিছে ।

Leave A Reply

Your email address will not be published.