মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড, স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ পাকঘৰত

মহানগৰীৰ (Guwahati) পশ্চিম বৰাগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। এটা কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে।

বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি জনাইছিল গড়চুক আৰক্ষীক। স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত‍্যা কৰি নাটকীয় ৰূপ দিবলৈ প্ৰচেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে।

সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল সন্তোষ গুপ্তাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনীঘৰত।

Leave A Reply

Your email address will not be published.