কিন্নৰৰ ভেশ ধৰি চুৰিকাৰ্যত নামিল যুৱক
ক’ৰ’না মহামাৰীৰ বাবে জাৰি কৰা লকডাউনৰ ফলত বহু লোকৰ পৰিয়ালত দেখা দিলে অৰ্থনৈতিক সংকটে। কোনো কোনো লোকে হেৰুৱালে চাকৰি। কাৰোবাৰ বন্ধ হ’ল ব্যৱসায়। লকডাউনত নিজ কৰ্ম সংস্থাপন হেৰুৱাই আৰ্থিকভাবে জুৰুলা হৈ পৰা এজন ২৭ বছৰীয়া যুৱকে ধৰিলে কিন্নৰৰ ভেশচন। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ জেজুৰীৰ অভিষেক ৰাওচাহেব ভোৰে নামৰ এজন যুৱকে কিন্নৰৰ ভেশত বহু লোকৰ পৰা টকা-পইচা সৰকাবলৈ ধৰে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এই ‘নকলী’ কিন্নৰজন।
জেজুৰী আৰক্ষীয়ে সদৰী কৰা অনুসৰি লকডাউনৰ বাবে মন্দিৰবোৰ পুনৰ মুকলি কৰা হৈছে। লোককলাৰ শিল্পীসকলে এতিয়া জেজুৰিৰ তীৰ্থস্থানত সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰিছে। জেজুৰিৰ এগৰাকী মহিলা শিল্পীক এগৰাকী সহ-অভিনেতাৰ প্ৰয়োজন আছিল। ফেচবুকত অনুসন্ধান কৰাৰ পিছত ৰাণী কিন্নৰ নামৰ এটা একাউণ্ট পোৱা গৈছিল। মহিলাগৰাকীয়ে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক সহ অভিনেতা হিচাপে লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাণী কিন্নৰৰূপী একাউণ্টটো আছিল অভিষেকৰ
অভিষেকক কিন্নৰ বুলি ভাবি মহিলাগৰাকীয়ে ঘৰলৈ মাতি পঠিয়ায়। কিন্নৰৰ ভেশ ধৰি থকাৰ সুবিধা লৈ অভিষেকে মহিলাগৰাকীৰ ঘৰতে দুদিন কটায়। তৃতীয় দিনা কিন্নৰৰূপী অভিষেকে মহিলাগৰাকীৰ ঘৰৰ পৰা ১.৫ টোলা সোণ আৰু অন্যান্য গহনা আৰু নগদ ৬,০০০ টকা চুৰি কৰে আৰু নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলাই যায়। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায় আটক কৰে অভিষেকক।
আৰক্ষীৰ জালত পৰাৰ পাছত অভিযেক ৰাওচাহেব ভোৰে
অভিষেকে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে যে লকডাউনৰ ফলত কাম হেৰুৱাই তেওঁ কিন্নৰৰ ভেশ ধৰিবলগীয়া হয়। এই বিষয়টোৱে লকডাউনে যে মানুহক কিমান সমস্যাৰ সন্মুখীন কৰালে সেই কথা স্পষ্ট কৰি তুলিলে।