সাৱধান! ক্ৰমাৎ বৃদ্ধি সংক্ৰমণ, ৰাজ্যত কৰ’ক্ৰান্তৰ হাৰ ০.৮১শতাংশ

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি মহামাৰী কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত ৰাজ্যত নতুনকৈ কৰ’ক্ৰান্তৰ হৈছে ৩১৫ জনকৈ লোক৷ বিগত ২৪ঘণ্টাত ৩৮, ৮৯৯জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷ কালিৰ দিনটোত কৰ’ক্ৰান্তৰ হাৰ আছিল ০.৮১ শতাংশ৷ আনহাতে, শুকুৰবাৰে ২০৯জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰে৷ বৰ্তমানলৈ ৰাজ্যত চিকিৎসাধীন হৈ আছে ২০৯জন লোক৷

কালি কৰ’নাত আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত কামৰূপ (মেট্ৰ’)ত ১১৫ জন, যোৰহাটত ২৪জন, বৰপেটাত ২৩জন আৰু লখিমপুৰ ১৮ জন লোক বুলি আমাৰ হাতলৈ খবৰ আহিছে৷ আনহাতে, কালিৰ দিনটোত মৃত্যু ঘটিছে দুজন কৰ’নাক্ৰান্ত লোক৷ ডিমা হাছাও আৰু কামৰূপত এজনকৈ লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷

বৰ্তমানলৈ ৰাজ্যত ২,৪৩,৮৩,৪৬৪ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ আৰু তাৰ ভিতৰত ৬,০৮,১২৬জন লোক কৰ’নাত আক্ৰান্ত হয়৷ তাৰ বিপৰীতে আৰোগ্যলাভ কৰে,৫,৯৮,২৯৬জন লোকে৷ আনহাতে, মৃত্যুমুখত পৰে ৫,৯৬৪জন লোক৷

Leave A Reply

Your email address will not be published.