চৰাইদেউত আবকাৰী অভিযান, অবৈধ সুৰাৰ ভাতী ধ্বংস…
চৰাইদেউ জিলাৰ আবকাৰী বিভাগে শুক্ৰবাৰে জিলাখনৰ চিংলু , ছফ্ৰাই চাহ বাগিচা, শ্ৰীপুৰ আদি অঞ্চলত ব্যাপক অভিযান চলায়। এই অভিযানত ছফ্ৰাই আৰক্ষীয়েও সহযোগ কৰে। শুক্ৰবাৰৰ পুৱা চলোৱা এই অভিযানত দলটোৱে অঞ্চলটোৰ কেতবোৰ আওহতীয়া স্থানত অসাধু সুৰাৰ ব্যৱসায়ীয়ে পাতি লোৱা ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ৩৫৫ লিটাৰ অবৈধ সুৰা তৈয়াৰ কৰাৰ বাবে ৰখা পাছ, ২০ লিটাৰ চুলাই মদ, তিনিটা মদ তৈয়াৰত ব্যৱহাৰ হোৱা যন্ত্ৰ জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়। লগতে দলটোৱে অবৈধ সুৰা প্ৰস্তুতৰ সৈতে জড়িত দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।