মদাহী পুত্ৰই হত্যা কৰিলে মাতৃক
বৰপেটাৰোডৰ খৈৰাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ পুত্ৰৰ হাতত প্ৰাণ গ’ল এগৰাকী বৃদ্ধা মাতৃৰ ৷ নিজ পুত্ৰৰ হাতত মৃত্যু ঘটা দুৰ্ভগীয়া মাতৃগৰাকী জোৎস্না পাল বুলি জানিব পৰা হৈছে ৷
বৰপেটাৰোডৰ খৈৰাবাৰীৰ মিলন বস্তিত সংঘটিত এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুওৱা প্ৰায় ৭০ বছৰীয়া বৃদ্ধাগৰাকীক পুত্ৰ উত্তম পালে মদ্যপান কৰি প্ৰায়েই নিৰ্যাতন চলাইছিল বুলি ওচৰ–চুবুৰীয়াই অভিযোগ উত্থাপন কৰিছে ৷ নিজ পুত্ৰ উত্তম পালে যোৱানিশা মৰিয়াই মৰিয়াই হত্যা কৰে জন্মদাত্ৰী মাতৃ জোৎস্না পালক৷
নিজ মাতৃক হত্যা কৰি পলাতক হৈ আছে পাষণ্ড পুত্ৰ উত্তম পাল ৷ উল্লেখ্য যে এই গৰাকী উত্তম পালে মদ্যপান কৰি নিজৰ ঘৈণীয়েককো মাৰধৰ কৰাত অৱশেষত নিজ পিতৃৰ ঘৰত গুচি যাবলগীয়া হৈছিল পত্নী। বৰপেটাৰোড আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷