ঘৰত অকলে আছিল বিশেষভাৱে সক্ষম যুৱতী; আহি ওলাল শিৱ কাকতি… তাৰ পাছতে এই অৱৰ্ণনীয় কাণ্ড
মানৱতা আজি কোন দিশে? ৰাজ্যত শিক্ষিতৰ হাৰ পূৰ্বৰ তুলনাত ঊৰ্ধ্বগামী হৈছে, তথাপি কিন্তু একাংশ লোকৰ চৰিত্ৰৰ সাল-সলনি ঘটা নাই! ৰাজ্যৰ শাসনভাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ যোৱাৰ পাছৰেপৰাই অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন সষ্টম। তাৰ ব্যতিক্ৰম নহয় দৰঙৰ জিলা প্ৰশাসন। মুখ্যমন্ত্ৰীৰ ভাতৃ সুশ্বান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দৰঙৰ আৰক্ষী ব্যৱস্থা পূৰ্বৰ তুলনাত অধিক শক্তিশালী। জিলাখনৰ ভিন্নৰূপী সমস্যা আৰক্ষী অধীক্ষকগৰাকীৰ তত্ত্বাৱধানত সমাধান হৈছে। কিন্তু তথাপি যেন সম্পূৰ্ণৰূপে নিমূৰ্ল হোৱা নাই অপৰাধজনিত ঘটনা। এইবাৰ পোহৰলৈ আহিছে দৰঙৰ আন এক অমানৱীয় কাণ্ড ।
আমালৈ অহা খবৰ অনুসৰি, মঙলদৈৰ ২নং কমাৰপাৰা গাঁৱৰ শিৱ কাকতি নামৰ বিবাহিত ব্যক্তি এজনে ধৰ্ষণ কৰিছে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীক। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰে লম্পটটোৱে।
সেই সময়তে ঘৰত পৰিয়ালৰ লোক আহি উপস্থিত হয়। পাছত স্থানীয় লোকৰ সহযোগত পৰিয়ালে হাতেলোটে ধৰি আৰক্ষী গটাই দিয়ে লম্পটটোক। ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীক প্ৰদান কৰা এজাৰৰ ভিত্তিত 518/21 US.376(2)(j) IPC. ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে