মহাদেৱৰ ধনুৰ নামেৰে মিছাইল! চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই সাজু কৰিছে ‘পিনাকা

পিনাকা। ভগৱান শিৱৰ ধনুৰ নাম পিনাকা। এই পিনাকা মহাদেৱে হাতত তুলি ল’লেই মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল বুলি প্ৰাচীন শাস্ত্ৰত উল্লেখ আছে। এতিয়া এই অমোঘ অস্ত্ৰৰেই ড্ৰেগন সেনাক নিঃ শেষ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা।

দেশীয় ভাৱে নিৰ্মিত মিছাইল পিনাকা এমবিআৰএল বৰ্তমান সাজু কৰা হৈছে অৰুণাচলৰ ভাৰত-চীন সীমান্তত। ভাৰতীয় সেনাৰ শক্তিবৃদ্ধি কৰা পিনাকা এমবিআৰএল ডিআৰডিঅ’ই শিৱৰ ধনুৰ নামৰে নামাকৰণ কৰিছিল। বিশ্বৰ শক্তিশালী মিছাইল সমূহৰ মাজত স্থান লাভ কৰা পিনাকা এমবিআৰএলে ৪০ৰ পৰা ৬৫কিলোমিটাৰ নিলগতো শত্ৰুপক্ষত সঠিক স্থানত আঘাত কৰিব পাৰে। মাত্ৰ ৪৪ ছেকেণ্ডতে পিনাকাই ১২টা মিছাইল নিক্ষেপ কৰিব পাৰে, যি শত্ৰুপক্ষৰ বহুকিলোমিটাৰ অঞ্চল নিশ্চিহ্ন কৰাত সক্ষম। পিনাকাত লগোৱা আছে অত্যাধুনিক ৰাডাৰ প্ৰণালী। পিনাকা মিছাইলে এবাৰত ২৫০কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াব পাৰে।

আনহাতে পিনাকা এমবিআৰএলৰ লগতে ভাৰতীয় সেনাই চীনৰ পিএলএক এশিকনি দিবলৈ সাজু কৰি ৰাখিছে ৰুছত নিৰ্মিত বিএম-৩০ এমবিআৰ এল। বিএম-৩০য়ে শত্ৰুপক্ষক ৯০ৰ পৰা ১০০কিলোমিটাৰ নিলগৰ পৰাই নিখুঁত ভাৱে আঘাত কৰিব পাৰে। বিএম৩০য়ে মাত্ৰ ৩০ ছেকেণ্ডতে ১২টা মিছাইল নিক্ষেপ কৰিব পাৰে। ইতিমধ্যে ৰুছে চিৰিয়াৰ যুঁজত আইছিছৰ বিৰুদ্ধে এই মাৰাত্মক মিছাইল ব্যৱহাৰ কৰি সফলতা লাভ কৰিছিল। এতিয়া ভাৰতীয় সেনায়ো আগ্ৰাসী চীনক দমন কৰিবলৈ এই মিছাইল লৈ সীমান্তত সাজু হৈ আছে।

Leave A Reply

Your email address will not be published.