আমেৰিকাই নিধন কৰিলে আৰু এগৰাকী আল–কায়দাৰ দুৰ্ধৰ্ষ নেতা, ছিৰিয়াত ড্ৰ’ন আক্ৰমণ

আল–কায়দাৰ আগশাৰীৰ নেতা আব্দুল হামিদ আল-মাতাৰ ছিৰিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰ’ন আক্ৰমণত নিহত হৈছে। শনিবাৰে এই দাবী কৰা হৈছে পেন্টাগনৰ দ্বাৰা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দাবী কৰে যে আব্দুল হামিদৰ চক্ৰান্ত অনুযায়ী কিছুদিন আগেয়ে দক্ষিণ ছিৰিয়াস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা ঘাটিত আক্ৰমণ কৰা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত উত্তৰ-পশ্চিম ছিৰিয়াৰ আল–কায়দাৰ ঘাটিত ড্ৰ’নেৰে কৰা আক্ৰমণত আল-কায়দা নেতাজনৰ মৃত্যু হয়। উল্লেখ্য ছেপ্টেম্বৰত ছিৰিয়াত ড্ৰ’ন আক্ৰমণত আল–কায়দাৰ আন এগৰাকী নেতা চেলিম আবু আহমেদ নিহত হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ এগৰাকী মুখপাত্ৰ মেজৰ জন ৰিগছবিয়ে এক লিখিত বিবৃতিত কয়, “আব্দুল হামিদৰ দৰে আগশাৰীৰ আল–কায়দা নেতা নিহত হোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক, আমাৰ মিত্ৰশক্তি আৰু অসামৰিক লোকৰ ওপৰত মাৰাত্মক আক্ৰমণ হ্ৰাস পাব।’

আব্দুল হামিদ আল–কায়দাৰ মুৰব্বী আয়মান আল-জৱাহিৰীৰ ঘনিষ্ঠ সহযোগী বুলি জনা গৈছিল। ২০১৯ চনৰ অক্টোবৰ মাহত ছিৰিয়াৰ ইদলিব প্ৰদেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক অভিযানত ইছলামিক ষ্টেট (আইএছ) উগ্ৰপন্থী গোটৰ মুখ্য নেতা আবু বকৰ আল-বাগদাদী নিহত হয়।

Leave A Reply

Your email address will not be published.