ৰঙিয়াৰ ৰে’ল বিষয়াৰ ঘৰত চুৰিকাৰ্য

ৰঙিয়া নগৰৰ ব্ৰীগফিল্ড নিউ কলনীত এগৰাকী ৰেল বিষয়াৰ গৃহত চুৰি। ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ কাৰ্যালয় অধীক্ষক ৰংগেবালা ৰাভাৰ আৱাসিক গৃহৰ পৰা চোৰে মূল্যবান সামগ্ৰী আৰু নগদ ধন লুটি নিয়ে।

যোৱা নিশা ঘৰত কোনো নথকাৰ সুযোগ বুজি চোৰে ঘৰৰ তলা ভাঙি চুৰি কাৰ্য সংঘটিত কৰে। আজি পৰিয়ালৰ লোকসকলে উভতি অহাৰ পিছত ঘৰৰ তলাৰ লগতে আলমাৰি কেইটাৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত আলমাৰিৰ পৰা নগদ ধন লুটি নিয়া বুলি নিশ্চিত হয়। ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ।

Leave A Reply

Your email address will not be published.