মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে বেদখলমুক্ত হ’ল নিৰ্মীয়মান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এটা বিল্ডিং
ধুবুৰীৰ ঝগৰাৰপাৰস্থ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ এটা বিল্ডিংত নিয়ম বহিৰ্ভূত ভাৱে বাস কৰিবলৈ লোৱা ধুবুৰী আসমৰিক চিকিৎসালয়ৰ একাংশ চাফাই কৰ্মীক উচ্ছেদ কৰাৰ কাম সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বিগত ১৩ অক্টোবৰ তথা দুৰ্গাপূজাৰ মহা অষ্টমীৰ নিশা ধুবুৰীৰ নিৰ্মীয়মান সেই চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লবলৈ আহিছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। পৰিদৰ্শন কালত নিৰ্মীয়ামান সেই মহাবিদ্যালয়খনৰ এটা বিল্ডিংত কাষতে থকা ধুবুৰী অসামৰিক চিকিৎসালয়খনৰ চাফাই কৰ্মী একাংশ থাকিবলৈ লোৱা বুলি অৱগত হৈ খঙত অগ্নিশৰ্মা হৈ পৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু অতিশীঘ্ৰে সেই বিল্ডিংটো খালী কৰাৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিল।
মুখ্যমন্ত্ৰীৰ কঠোৰ সেই নিৰ্দেশৰ পিছতেই বিষয়টো লৈ তৎপৰতা আৰম্ভ হৈছিল জিলা প্ৰশাসনৰ। অৱশ্যে প্ৰথমাৱস্থাত বেদখল কৰি বাস কৰা সেই একাংশ চাফাই কৰ্মীয়ে বিল্ডিংটো এৰি যাবলৈ অনীহা প্ৰকাশ কৰিছিল যদিও অৱশেষত ধুবুৰী জিলা উপায়ুক্তৰ তৎপৰতাত নিৰ্মিয়মান ধুবুৰী চিকিৎসা মহাবিদ্যালয়টোৰ দখল কৰি থকা বিল্ডিংটো খালী কৰাৰ সুকলমে সম্পূৰ্ণ হয়।
ইপিনে আজি ধুবুৰীৰ ঝগৰাৰপাৰস্থ নিৰ্মীয়মান সেই চিকিৎসা মহাবিদ্যালয়থলীত উপস্থিত হৈ জিলা উপায়ুক্তগৰাকীয়ে বেদখলকাৰী চাফাই কৰ্মীসকলক আঁতৰাই খালী কৰা বিল্ডিংটো পৰিদৰ্শন কৰে।