আজি পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, অক্টোবৰত ৫ টকাতকৈ অধিক বৃদ্ধি পেট্ৰ’লৰ দাম

পেট্ৰ’ল–ডিজেলৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। দেওবাৰেও বৃদ্ধি পালে ইন্ধনৰ দাম। আজি ডিজেলৰ দাম ৩৪ৰ পৰা ৩৮ পইচা বৃদ্ধিৰ বিপৰীতে পেট্ৰ’লৰ দাম বৃদ্ধি পাইছে ৩০ৰ পৰা ৩৫ পইচাকৈ। অক্টোবৰ মাহত ৫ টকাতকৈ অধিক বৃদ্ধি পালে পেট্ৰ’লৰ দাম।

দিল্লীত পেট্ৰ’লৰ দাম ১০৭.৫৯ টকাৰ বিপৰীতে ডিজেলৰ দাম হৈছেগৈ ৯৬.৩২ টকা। মুম্বাইত পেট্ৰ’লৰ দাম ১১৩.৪৬ টকা, ডিজেলৰ দাম ১০৪.৩৮ টকা প্ৰতিলিটাৰত। কলকাতাত পেট্ৰ’লৰ দাম ১০৮.১১ টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ দাম ৯৯.৪৩ টকা।

উল্লেখযোগ্য যে অক্টোবৰ মাহত এতিয়ালৈ ১৮বাৰতকৈ অধিক ইন্ধনৰ দাম বৃদ্ধি পাইছে। প্ৰায় তিনিটা দিন বাদ দি বাকী আটাইকেইটা দিনতে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাইছে। কেৱল অক্টোবৰ মাহতেই পেট্ৰ’লৰ দাম ৫.১৫ টকা বৃদ্ধি হৈছে। আনহাতে, ডিজেলৰ দাম বৃদ্ধি পাইছে ৫ টকাৰো অধিক। দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ দাম ১২০ টকা লিটাৰ হৈছেগৈ।

Leave A Reply

Your email address will not be published.