উত্তৰ প্ৰদেশত জিকা ভাইৰাছৰ আতংক! কানপুৰত চিনাক্ত প্ৰথমজন ৰোগী, দিল্লীৰ পৰা উপস্থিত বিশেষজ্ঞৰ দল

উত্তৰ প্ৰদেশ (Uttar Pradesh)ত এইবাৰ জিকা ভাইৰাছৰ আতংক। প্ৰথমজন জিকা ভাইৰাছত (Zika Virus) আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে কানপুৰত। চকেৰীস্থিত এয়াৰফ’ৰ্চ ষ্টেচনৰ ৱাৰেণ্ট অফিচাৰ এম এম আলীৰ দেহত জিকা ভাইৰাছৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।

চাৰি–পাঁচদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল লোকজন। তাৰ পিছতে পৰিয়ালৰ লোকে তেওঁক এয়াৰফ’ৰ্চ হাস্পতালত ভৰ্তি কৰায়। লক্ষণৰ ভিত্তিত হাস্পতাল কৰ্তৃপক্ষই তেওঁৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰে। শনিবাৰে অহা ৰিপ’ৰ্টত লোকজন জিকা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হয়।

জিকা ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতে দিল্লীৰ পৰা বিশেষজ্ঞৰ দল উক্ত হাস্পতালত উপস্থিত হয়। লগতে ৰোগীৰ সম্পৰ্কলৈ অহা লোকসকলৰ নমুনা সংগ্ৰহ কৰে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। জিকাৰ সংক্ৰমণ ৰোধৰ বাবে ১০টা দল গঠন কৰা হৈছে।

Leave A Reply

Your email address will not be published.