এইবাৰ বিপদত পৰিব অনন্যা পাণ্ডে! পুনৰ এন চি বিৰ তলব অভিনেত্ৰীগৰাকীক…

এন চি বিৰ জালত পৰিছে এজনৰ পিছত আন এজন বলিউড অভিনেতা। বলিউড বাদশ্বাহ শ্বাহৰুখ খানৰ ড্ৰাগছ গোচৰৰ সন্দৰ্ভত এন চি বিয়ে সোধ-পোছৰ বাবে আন এগৰাকী অভিনেত্ৰী অনন্যা পাণ্ডেক তলব কৰিছিল। শুকুৰবাৰে দিনৰ ৪ বজাত এন চি বিৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ নৱাগত অভিনেত্ৰীগৰাকী। ইয়াৰ পিছত পুনৰ সোমবাৰে একেটা বিষয়ত সোধ-পোছ কৰিবৰ বাবে এন চি বিয়ে তলব কৰিছে অনন্যাক।

আৰিয়ান খান আৰু অনন্যাৰ হোৱাটাছএপ বাৰ্তালাপত নিচা জাতীয় দ্ৰব্য বিষয়ে আদান-প্ৰদানৰ তথ্য লাভ কৰিছিল। সেই বিষয়ে পুনৰ সোমবাৰে এন চি বিয়ে অনন্যাক সোধ-পোছ কৰিব। নিশা ১১ বজাত এন চি বিৰ কাৰ্যালয়ত উপস্থিত হ’ব অনন্যা পাণ্ডে।ইয়াৰ পূৰ্বে শুকুৰবাৰে এন চি বিৰ কাৰ্যালয়ত দুঘণ্টা পলমকৈ উপস্থিত হৈছিল। যাৰ বাবে তেওঁক এন চি বিৰ বিষয়াই ভৰ্ৎসনা কৰিছিল।তেওঁক ২-৩০ বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ কথা কৈছিল যদিও তেওঁ ৪ বজাৰ পাছতহে এন চি বিৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ।

জানিব পৰা মতে অনন্যাক ড্ৰাগছ., গাঞ্জা সংক্ৰান্তীয় বিষয়ৰ ওপৰত প্ৰশ্ন কৰা হৈছে।যদি প্ৰয়োজন হয়, তেনে উচ্চ ন্যায়ালয়ৰ শুনানিৰ সময়ত আৰিয়ান আৰু অনন্যাৰ হোৱাটছএপ বাৰ্তালাপ দেখুওৱা হ’ব। এন চি বিৰ বিষয়াসকলৰ মতে এই গোচৰৰ লগত জড়িত আন ৭ গৰাকী ব্যক্তিৰ তথ্য লাভ কৰিছে। আন ৰাজ্যৰ পৰা মহাৰাষ্ট্ৰলৈ ড্ৰাগছ সৰবৰাহ হোৱাৰো প্ৰমাণ লাভ কৰা গৈছে। জানিব পৰা মতে অনন্যাৰ লেপটেপ, মোবাইল ফৰেনচিক বিশ্লেষণ কৰা হৈছে। তেওঁৰ মুঠ ৭ টা ইলেক্ট্ৰনিক সামগ্ৰী ফৰেনচিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.