কৰ’নাৰ বিভীষিকাই ছানি ধৰিছে ৰাজ্য: আক্ৰান্ত হৈছে ইজনৰ পাছত সিজনকৈ লোক

ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ বিগত দুদিনতকৈ দেওবাৰে ৰাজ্যত কৰ’না আক্ৰান্ত ৰ হাৰ সমান্তৰালকৈ কম হোৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে পূৰ্বৰ তুলনাত ক’ভিড পৰীক্ষা কৰা লোকৰ সংখ্যাও হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১৯,৭১৩জন লোকে ক’ভিড টেষ্ট কৰে৷

তাৰভিতৰত আক্ৰান্তহয় ১৩৯জনকৈ লোক৷ আক্ৰান্তহোৱা সকলৰ ভিতৰত কামৰূপ মেট্ৰ’ৰ পৰা ৪৩জন লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি৷ আনহাতে যোৰহাটত আক্ৰান্তহয় ১৫জন , কামৰূপ গ্ৰাম্যত ১৩জন, লখিমপুৰত ১০জনকৈ লোক৷ দেওবাৰে ৰাজ্যত মুঠ ৬জন লোক কৰ’নাত আক্ৰান্ত হয় ৷

তাৰভিতৰত বিশ্বনাথ, কামৰূপ মেট্ৰ, কামৰূপ গ্ৰাম্য ,লখিমপুৰ, শোণতপুৰ আৰু কৰিমগঞ্চৰ এজনকৈ লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়৷ ৰাজ্যখনত বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে ২,৫১০জন ৷ ইপিনে বিগত ২৪ ঘণ্টাত আৰোগ্য লাভ কৰে ২৪৪জনে৷

Leave A Reply

Your email address will not be published.