জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাটাদুডডিয়া হাবিত দেওবাৰে পুৱা ভাগত তালাচী অভিযান চলাই থকা সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। এই গুলীবৰ্ষণত তিনিজন নিৰাপত্তা বাহিনীৰ জোৱান আহত হয়। আনহাতে, নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰ দিয়াৰ পাছত পাকিস্তানৰ এটা সন্ত্ৰাসবাদী জিয়া মুস্তাফা নিহত হয়। এই স্থানত এতিয়াও অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। ইফালে, আহত এই তিনিজন নিৰাপত্তাৰক্ষীৰ জোৱানক ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত