নৱেম্বৰ মাহৰ ভিতৰত ১৭ দিন বন্ধ থাকিব বেংক

নৱেম্বৰ মাহৰ ভিতৰত ১৭ দিন বন্ধ থাকিব বেংক,যদি আপোনাৰ বেংকৰ কাম কৰিব লগীয়া আছে তেন্তে এতিয়াই কৰি লওক। কিয়নো নৱেম্বৰ মাহৰ ৩০ দিনৰ ভিতৰত ১৭ দিনেই বন্ধ থাকিব বেংক।দীপাৱলী পৰা আৰম্ভ হ’ব লগা নৱেম্বৰ মাহত এইবাৰ দেশত ১৭ দিনেই বন্ধ থাকিব বেংক। ৩০ দিনৰ ১৭ দিনেই বন্ধ থাকিব বেংক। ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ।ইয়াৰে ভিতৰত সাধাৰণ ভাৱেই সকলো ৰাজ্যৰ বেংকে পাব ৬ দিন সাধাৰণ বন্ধ। ইয়াৰে ৪ দিন দেওবাৰ আৰু এদিন দ্বিতীয় শনিবাৰ আৰু এদিন চতুৰ্থ শনিবাৰ।ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ সূচী অনুসৰি এই সাধাৰণ ৬ টা দিনৰ বন্ধৰ উপৰি আৰু আন ১১ দিন বন্ধ পাব। নৱেম্বৰ মাহৰ ১,৩,৪,৫,৬,১০,১১,১২,১৯,২২ আৰু২৩ তাৰিখে নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট আইনৰ অধীনত বন্ধ থাকিব বেংক।

Leave A Reply

Your email address will not be published.