চীনৰ নতুন ভূমি সীমা আইন
ভাৰতৰ সৈতে সীমান্তত বিবাদ চলি থকাৰ মাজতেই চীনৰ নেচনেল পিপ’লছ কংগ্রেছৰ ষ্টেণ্ডিং কমিটীয়ে নতুন ভূমি সীমা আইনত অনুমোদন জনায়৷ চীনৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক সুদৃঢ় কৰি ৰখাৰ প্রতি লক্ষ্য ৰাখি নেচনেল পিপ’লছ কংগ্রেছে অধিৱেশনৰ সামৰণিৰ দিনা নতুন ভূমি সীমা আইনক অনুমোদন জনোৱা বুলি চীনৰ জিনহুৱা নিউজত প্রকাশ পাইছে৷
অহা বর্ষৰ ১ জানুৱাৰীৰ পৰা বলৱৎ হ’বলগীয়া এই নতুন ভূমি সীমা আইনত এই কথা স্পষ্ট কৰা হৈছে যে পিপ’ল’ছ ৰিপাব্লিক অৱ চীনৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা পৱিত্র আৰু অলংঘনীয়৷ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, ভৌগোলিক অখণ্ডতা ৰক্ষাৰ কাৰণে সকলো পদক্ষেপ আৰু ভূমি সীমা সঠিক ৰূপত ৰখাৰ বাবেই এই নতুন ভূমি সীমা আইনত অনুমোদন জনোৱা হৈছে৷
দেশৰ সার্বভৌমত্ব আৰু ভূমি সীমাক অৱজ্ঞা কৰা যিকোনো কার্যৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰাৰো ব্যৱস্থা এই আইনখনত অন্তর্ভুক্ত কৰা হৈছে৷ সীমান্ত অঞ্চলত অর্থনৈতিক আৰু সামাজিক বিকাশৰ জৰিয়তে সীমান্ত প্রতিৰক্ষা শক্তিশালীকৰণৰ বাবে পদক্ষেপ লোৱাটোও আইনখনত অন্তর্ভুক্ত হৈ আছে৷
সীমান্ত অঞ্চলত ৰাজহুৱা সেৱা, আন্তঃগাঁথনি উন্নীত কৰা, জনগণৰ জীৱনক উৎসাহিত কৰা আৰু কামৰ ক্ষেত্রত সমর্থন কৰাটোও আইনৰ লক্ষ্য৷ সীমান্তৰ প্রতিৰক্ষা আৰু সীমান্তত সামাজিক–আর্থিক বিকাশৰ মাজেৰে সু–সমন্বয় গঢ়ি তোলাটোও নতুনকৈ অনুমোদন জনোৱা হৈছে আৰু ভূমি সীমা আইনখনত সন্নিৱিষ্ট কৰা হৈছে৷