চিৰাঙত ২টা হাতী দাঁতৰ সৈতে ২ জনক আটক

চিৰাঙত ১২ কিলোগ্ৰাম ওজনৰ ২টা হাতী দাঁতৰ সৈতে বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ীৰ সৈতে জড়িত ২জন ব্যক্তিক আটক কৰিছে। চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে কালি চিৰাং বন বিভাগ আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছ এছবিয়ে জিলা খনৰ অন্তৰ্গত বিষ্ণুপুৰত যৌথ অভিযান চলাই লোক দুজনক আটক কৰাৰ লগতে লোক দুজনৰ জিম্মাৰ পৰা হাতী দাঁত দুটা উদ্ধাৰ কৰে। আটক কৰা লোক দুজনক সুকুমাৰ দাস (৩২) আৰু নিৰ্মল মণ্ডল (৪০) বুলি চিনাক্ত কৰা হৈছে।।

Leave A Reply

Your email address will not be published.