কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত পুনৰ বৃদ্ধি। বিগত ২৪ ঘণ্টাত দেশত ৫৮৫জন লোকৰ মৃত্যু হয়। মঙলবাৰে ১৩ হাজাৰ ৪৫১জন লোক আক্ৰান্ত হয় কোৰোণাত।
নতুন সংখ্যাকে ধৰি ভাৰতত কোৰোণাত সংক্ৰমিত লোকৰ সংখ্যা ৩ কোটি ৪২ লাখ ১৫ হাজাৰ ৬৫৩জনলৈ বৃদ্ধি পালে। আনহাতে, এতিয়ালৈ ৪ লাখ ৫৫ হাজাৰ ৬৫৩জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ১ লাখ ৬২ হাজাৰ ৬৬১জন লোকৰ চিকিৎসা চলি আছে।
মহাৰাষ্ট্ৰত কোৰোণাৰ সংক্ৰমণৰ ঘটনা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। মঙলবাৰে ৰাজ্যখনত ১২০১জন লোক আক্ৰান্ত হয় এই মহামাৰীত। ৰাজ্যখনত এই সংখ্যাকে ধৰি আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৬৬,০৫,০৫১জন। মহাৰাষ্ট্ৰত এতিয়ালৈ ১,৪০,০৬০জন লোকৰ মৃত্যু হৈছে কোৰোণাত।