Reel লাইভত নহয়, এইবাৰ Real লাইভত মুন্নাভাই MBBS
কলিয়াবৰৰ ভকুৱামাৰীৰ পৰা গ্ৰেপ্তাৰ মুন্না ভাই এম বি বি এছ । ধৃত ভুৱা চিকিৎসকজন ভকুৱামাৰীৰ মাইজুল ইছলাম। বুধবাৰে কলিয়াবৰৰ চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দেৱনাথৰ তৎপৰতাত অভিযানকাৰী আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক।
উল্লেখ্য যে, ধৃত মাইজুল ইছলামে দীৰ্ঘদিন ধৰি নিজ বাসগৃহতে অবৈধ ফাৰ্মাচী খুলি নিজকে চিকিৎসক বুলি চিনাকি দি ভুৱা চিকিৎসা চলাই আহিছিল। মেট্ৰিকৰ দেওনা পাৰ নোহোৱা ভুৱা চিকিৎসকজনে আনকি নিজৰ নামত চিকিৎসকৰ পৰামৰ্শ পত্ৰ চপা কৰি ৰোগীক ঔষধো প্ৰদান কৰিছিল। ভুৱা চিকিৎসকজনৰ পৰা আৰক্ষীয়ে চিকিৎসা সেৱাত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰিছে।