পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল…
উল্লেখ্য যে, যোৱা ১ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙাৰ মুখ্য দ্বাৰ মুকলি কৰা হৈছিল। বাট-পথ সুচল নোহোৱাৰ বাবে মুকলি কৰা হোৱা নাছিল বুঢ়াপাহাৰ বনাঞ্চলৰ দ্বাৰ। বুধবাৰে বুঢ়াপাহাৰ বনাঞ্চলৰ দ্বাৰ মুকলি কৰাৰ লগে লগে আশাৰ সঞ্চাৰ হৈছে স্থানীয় পৰ্যটন উদ্যোগৰ লগত জড়িতলোক সকলৰ মনত। উল্লেখ্য যে, মুকলিৰ ২৫ দিনৰ ভিতৰতে ১৫ হাজাৰ পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙালৈ।
আনহাতে এই কেইটা দিনতে পৰ্যটকৰ পৰা প্ৰায় ৩০ লাখ টকাৰ ৰাজহ সংগ্ৰহ হৈছে বুলিও প্ৰকাশ কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে। একে দিনাই কাজিৰঙাৰ পূৰ্বে উচ্চেদিত এলেকা বান্দৰডুবি অঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰা হয়। উল্লেখ্য যে, পাহাৰ, নদী আৰু বনাঞ্চলৰে পৰিৱেষ্টিত বুঢ়াপাহাৰ বনাঞ্চলখন পৰ্যাপ্ত সমলৰে পৰিপূৰ্ণ হৈ আছে পৰ্যটকৰ বাবে। বুঢ়াপাহাৰ বনাঞ্চলত বিভিন্ন বন্যজীৱৰ বিৰল দৃশ্য উপভোগ কৰাৰ লগতে পাহাৰীয়া পথেৰে ট্ৰেকিং আৰু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্যও উপভোগ কৰিব পাৰে পৰ্যটকসকলে।