অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহঃ আধুনিকা বৰুৱাৰ নেতৃত্বত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী…

নলবাৰী সদৰ আৰক্ষী থানাৰ মহিলা উপ পৰিদৰ্শক আধুনিকা বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল এটিয়ে মঙ্গলবাৰে বৰক্ষেত্ৰীৰ ২নং ঘোগাত অভিযান চলাই ৰমজান আলীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু অবৈধভাৱে মজুত ৰখা কফচিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে নলবাৰী আৰক্ষীয়ে যোৱা ২৪ অক্টোবৰত নলবাৰীত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল জাকিৰ আলী নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত ৬৩১/২১ নম্বৰত গোচৰ ৰুজু কৰি ধৃত জাকিৰ আলীক সোমবাৰে নলবাৰী আদালতত হাজিৰ কৰি মহামান্য আদালতৰ পৰা দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়

Leave A Reply

Your email address will not be published.