সৰ্থেবাৰী আৰক্ষীৰ অভিযানত বেলবাৰীত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ
বৰপেটা জিলাত তীব্ৰতৰ হৈ উঠিছে মদ বিৰোধী অভিযান। তৎপৰ হৈ পৰিছে সৰ্থেবাৰী আৰক্ষীও। সৰ্থেবাৰী আৰক্ষীও তীব্ৰতৰ কৰিছে মদৰ বিৰুদ্ধে অভিযান। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ তৎপৰতাত মংগলবাৰে সন্ধিয়া বেলবাৰীৰ শান্তিপুৰত চলে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান। সহকাৰী উপ পৰিদৰ্শক প্ৰদীপ কুমাৰে আৰক্ষীৰ এটি দল লৈ বেলবাৰীৰ শান্তিপুৰৰ নগেন ডেকাৰ ঘৰত চলায় মদ বিৰোধী অভিযান । অভিযান কালত নগেন ডেকাৰ ঘৰৰ পৰা ৩৪ কাৰ্টন অবৈধভাবে মজুত ৰখা বিভিন্ন মাৰ্কাৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ উমান পাই নগেন ডেকা পলায়ন কৰে বুলি জানিব পৰা গৈছে।