বন্ধনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ হ’ল অসমবাসীৰ হাট্ৰ’থ্ৰৱ
দেশৰ আগশাৰীৰ বেংক সাৰ্বজনীন বন্ধন বেংকে আজি জনপ্ৰিয় গায়ক তথা অভিনেতা, ছবি নিৰ্মাতা জুবিন গাৰ্গক অসমৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে৷ বেংকটোৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা তথা ছবি নিৰ্মাতাগৰাকী জড়িত হোৱাৰ ফলত অসমৰ সৰ্বসাধাৰণৰ ওচৰ চপাৰ লগতে তেওঁলোকৰ জীৱনত বিভিন্ন ধৰণে ইতিবাচক প্ৰভাৱ পেলোৱাৰ এক উমৈহতীয়া আগ্ৰহ প্ৰতিফলিত কৰে৷ এই সংস্থাটো বন্ধন বেংকৰ বাবে এটা গুৰুত্বপূৰ্ণ সংস্থা, কিয়নো জন্মলগ্নৰে পৰা ছয় বছৰ পাছত প্ৰথমবাৰৰ বাবে বন্ধন বেংকে এগৰাকী ব্ৰেণ্ড এম্বেচাডৰৰ সৈতে সম্পৰ্কিত হৈছে৷
ব্ৰেণ্ড এম্বেছাডৰ হিচাপে জড়িত হোৱাৰ শুভাৰম্ভণিৰ চিন স্বৰূপে জুবিন গাৰ্গে তেওঁৰ এটি নতুন গীতৰ মিউজিক ভিডিঅ’ মুকলি কৰে; য’ত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ বিভিন্ন উপাদান প্ৰদৰ্শন কৰা হৈছে ৷ বন্ধন বেংকৰ উদ্যোগত গানটোৰ লগতে ইয়াৰ ভিডিঅ’ নিৰ্মাণ কৰা হৈছে ৷
” অসম আমাৰ মনে প্ৰাণে
মিলেছোঁ একেই সুৰৰ বন্ধনে।…” উল্লেখ্য, গানটোত অসমৰ মাটিৰ গোন্ধ থকা বিভিন্ন লোকসংগীতৰ সুৰৰ মিশ্ৰণ ঘটিছে, যেনে- বিহুগীত, চাহ বাগানীয়া গীত, গোৱালপৰীয়া লোকগীত আদি৷ আনহাতে, গীতৰ ভিডিঅ’টোত অসমৰ পৰম্পৰা, কৃষ্টি-সংস্কৃতি আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দেখুওৱা হৈছে৷ ভিডিঅ’টোত জুবিন গাৰ্গক অসমৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বৈশিষ্ট্যমূলক স্থানত শ্বুটিং কৰা দেখা গৈছে; য’ত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ব্ৰহ্মপুত্ৰ নদৰ পাৰ, বোকাময় পথাৰ আৰু অসমৰ চাহ বাগিচা। মিউজিক ভিডিঅ’টো স্থানীয় অসমীয়া প্ৰতিভাৱান কলা-কুশলীৰ দ্বাৰা দৃশ্যগ্ৰহণ কৰোৱা হৈছে৷
ভিডিঅ’টোৰ সংগীত ব্যৱস্থাপনা শেখৰজ্যোতি গোস্বামীৰ আৰু গীতৰ কথা জনপ্ৰিয় গীতিকাৰ শশাংক সমীৰৰ৷ গানটোৰ লগতে ভিডিঅ’টোও বন্ধন বেংকে মুকলি কৰিছে আৰু জুবিন গাৰ্গে তেওঁৰ সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্ম, যেনে- ইউটিউব, ফেচবুক, ইন্ষ্টাগ্ৰাম আৰু টুইটাৰত শ্বেয়াৰ কৰে৷ অনলাইন ষ্ট্ৰীমিঙতো গানটো উপলব্ধ হ’ব। যোৱা দুটা দশকজুৰি বন্ধনে আনুষ্ঠানিক আৰ্থিক সেৱাৰ মাধ্যমেৰে বহনক্ষম জীৱিকা গঢ়াৰ হকে কাম কৰি আহিছে, বিশেষকৈ মহিলাসকলক স্বাৱলম্বী তথা সবল কৰাৰ ক্ষেত্ৰত বন্ধন বেংকৰ অৰিহণা লেখত ল’বলগীয়া৷
বন্ধন বেংকে ইয়াৰ ৪৭১টা বেংকিং আউটলেটৰ জৰিয়তে অসমৰ ২০.৪৭ লাখ গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি বন্ধনে শিক্ষা, স্বাস্থ্য, জীৱিকাৰ প্ৰচাৰ, উদ্যোগীক উন্নয়ন , বিত্তীয় সাক্ষৰতা, দক্ষতা বিকাশ আৰু নিয়ুক্তি সৃষ্টিৰ ক্ষেত্ৰত অসমত ইয়াৰ বিভিন্ন সামাজিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে ৪ লাখতকৈও অধিক হিতাধিকাৰীৰ জীৱন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ৷ “বন্ধনৰ সৈতে অসম আৰু ইয়াৰ জনগণৰ গভীৰ সম্পৰ্ক আছে৷ ৰাজ্যখনৰ সৰ্বসাধাৰণক সেৱা আগবঢ়োৱা আৰু ৰাজ্যবাসীৰ আকাংক্ষা পূৰণ কৰাত সহায় কৰা তথা আৰ্থিক সহায়তা আৰু সামূহিক উন্নয়নৰ পদক্ষেপৰ সংমিশ্ৰণৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰিক বিকাশক অনুপ্ৰেৰণা যোগোৱাটো আমাৰ উদ্দেশ্য৷ আমি ৰাজ্যখনৰ নাগৰিকসকলৰ বিশ্বাস আৰু মৰম লাভ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ৷
যেতিয়া অসম ৰাজ্যৰ মৰম আৰু চেনেহ পোৱাৰ কথা আহে, জুবিন দাৰ নাম প্ৰথম কেইজনমানৰ ভিতৰত থাকে৷ তেওঁ সংগীত, চলচ্চিত্ৰ আৰু পৰোপকাৰৰ জৰিয়তে অসমৰ প্ৰতিজন মানুহৰ মুখত এটা উচ্চাৰিত নাম, লগতে অসমৰ প্ৰতিঘৰ পৰিয়ালৰ তেওঁ সদস্যৰ দৰে হৈ পৰিছে ৷ ৰাজ্যখনৰ সকলো বয়সৰ আৰু সংস্কৃতিৰ লোকৰ সন্মান আৰু সদিচ্ছা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সেয়েহে জুবিন গাৰ্গৰ লগত বন্ধনে সম্পৰ্ক স্থাপন কৰাটো স্বাভাৱিক আছিল। ইয়াৰ লগতে গান আৰু ভিডিঅ’টো আমাৰ ৰাজ্যখনৰ সাংস্কৃতিক ৰাজ্যবাসীৰ বাবে এক শ্ৰদ্ধা নিৱেদন৷”- বন্ধন বেংকৰ মাৰ্কেটিং হেড অপূৰ্ব সৰকাৰে এই বুলি কয় ৷
গান আৰু বন্ধনৰ সৈতে জড়িত হোৱা সন্দৰ্ভত জুবিন গাৰ্গে কয়- “মই সৌভাগ্যৱান যে অসমবাসীয়ে মোক বহুত মৰম দিছে৷ তাৰ বাবে মই অসমবাসীৰ ওচৰত চিৰ ঋণী৷ মই যিয়েই নকৰোঁ কিয় মোৰ চিন্তা-ভাবনাত সকলো সময়তে অসমবাসী মোৰ লগত থাকে৷ বন্ধনৰ সৈতে মোৰ সম্পৰ্ক যুক্তিসংগত৷ কিয়নো, বন্ধনেও অসমবাসীৰ সৈতে দৃঢ় সম্পৰ্ক অটুট ৰাখিছে আৰু ৰাজ্যৰ জনগণৰ জীৱনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ জীৱন পৰিৱৰ্তন কৰাৰ ক্ষমতা ৰাখিছে৷ বন্ধন বেংকৰ সৈতে জড়িত হৈ আৰু কাম কৰিবলৈ মই প্ৰস্তুত আছোঁ৷”