অৰুণাচলত চামিল হ’ব অসমৰ গাওঁ
সীমা বিবাদক লৈ ৰাজ্যজুৰি উত্তাল পৰিৱেশ-পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অতিকৈ পিছপৰা গাঁও হিচাপে বিবেচিত সীমান্তৱৰ্তী হঞ্জুৱাৰা গাঁওখন অৰুণাচল প্ৰদেশৰ সৈতে চামিল হ’বলৈ আগবাঢ়িছে । অৰুণাচলে যোগান ধৰা বিদ্যুতৰ পোহৰত আলোকিত এই গাঁওখনত সম্প্ৰতি অৰুণাচল চৰকাৰে পথ নিৰ্মাণকে ধৰি অন্যান্য উন্নয়নমূলক কাম হাতত লোৱা বুলি জানিব পৰা গৈছে । পৰিবৰ্ত্তন আৰু উন্নয়নৰ শ্ল’গান দিয়া শাসনাধিস্থ বিজেপি চৰকাৰখনৰ লগতে স্থানীয় জন-প্ৰতিনিধিগৰাকীয়ে গাঁওখনৰ উন্নয়নত পিঠি দিয়াত চৰম প্ৰতাৰণাত ক্ষুব্ধ হৈ গাঁৱখনৰ বাসিন্দাসকলে অৰুণাচল প্ৰদেশত চামিল হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে । ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ
উল্লেখ্য যে, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লেখাপানী থানাৰ অন্তৰ্গত এই হঞ্জুৱাৰা গাওঁখন লেখাপানীৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত । অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৰু মাৰ্ঘেৰিটা মহকুমাৰ একেবাৰে সীমাত অৱস্থিত এই গাঁওখনত উপস্থিত হ’বলৈ দুৰ্গম পাহাৰীয়া পথ আৰু হাবি-জংঘলৰ লগতে পাহাৰীয়া টিপং নৈ অতিক্ৰম কৰিব লাগে । ২২ টা টাংচা জনজাতি পৰিয়ালৰ বসতিস্থল এই গাওঁখন স্বাধীনোত্তৰ কালৰে পৰা চূড়ান্তভাবে অৱহেলিত হৈ আছে । অসম চৰকাৰৰ কোনো এখন উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা হঞ্জুৱাৰা গাওঁবাসীয়ে দুৰ্বিসহ জীৱন যাপনেৰে দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ বাধ্যত পৰিছে। তদানীন্তন কংগ্ৰেছ, অসম গণ পৰিষদ চৰকাৰেই হ’ওক কিম্বা বৰ্ত্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰেই হ’ওক কোনো এখন চৰকাৰে গাওঁখনত এখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা পৰিলক্ষিত নহ’ল ।
দীৰ্ঘদিন ধৰি চৰকাৰী বঞ্চনাত ক্ষোভ, হুমুনিয়াহ তথা হতাশাত ভোগি থকা গাঁওবাসীৰ বিপৰীতে সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিছে কাষৰীয়া অৰুণাচল চৰকাৰে । চুবুৰীয়া ৰাজ্যখনে হঞ্জুৱাৰা গাওঁত বিজুলি, বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিছে । স্কুল নিৰ্মাণৰ লগতে স্বাস্থ্য, ৰেছন কাৰ্ডৰ ব্যৱস্থা আদিও কৰি দিছে । এনে প্ৰেক্ষাপটত গাওঁবাসীয়ে অৰুণাচলত চামিল হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল অসম চৰকাৰৰ গাঁওখনৰ প্ৰতি প্ৰদৰ্শন কৰি অহা চূড়ান্ত অৱহেলাৰ বাবেই বিগত বিধানসভা নিৰ্বাচনত গাঁওখনৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থাকিল।
ইয়াৰে ফলশ্ৰুতিত মাৰ্ঘেৰিটা সমষ্টিৰ ২৪৩ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত নিৰাপত্তাৰক্ষীৰ লগতে পুলিং-প্ৰিজাইডিং বিষয়াসহ নিৰ্বাচনী বিষয়াই খালি বেলটৰ বাকচ লৈ উভতিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ইয়াৰ পৰা এটা কথা স্পষ্টকৈ প্ৰতিফলিত হয় যে, অসম চৰকাৰৰ প্ৰতি হঞ্জুৱাৰা গাঁৱৰ বাসিন্দাৰ ক্ষোভ কিমান । লক্ষ্যণীয়ভাৱে আন্তঃৰাজ্যিক সীমামূৰীয়া অনুন্নত অঞ্চলসমূহ উন্নয়নৰ বাবে অসম চৰকাৰৰ এটা সুকীয়া বিভাগ থকা স্বত্তেও বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ অমনোযোগিতাৰ বাবে অসম চৰকাৰে হেৰুৱাব লগাত পৰিব পাৰে কেইবাশ হেক্টৰ ভূমি। অন্যহাতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাইও গাঁওখনৰ উন্নয়নত সম্পূৰ্ণ পিঠি দিয়া বুলি অভিযোগ আছে ।
স্মৰ্তব্য যে, গাওঁখনৰ পৰা নাতিদূৰৈত প্ৰৱাহমান খৰস্ৰোতা টিৰাপ নদীখনে অসম-অৰুণাচলৰ সীমা নিৰ্ধাৰণ কৰি আহিছে । কিন্তু শেহতীয়াকৈ গাওঁখনৰ গাওঁবুঢ়া লাপান য়াংকুকে অসমৰ প্ৰতি মোহভংগ হৈ অৰুণাচলত চামিল হোৱাৰ আগ্ৰহ প্ৰকাশ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গাওঁবুঢ়াজনে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি হঞ্জুৱাৰা গাঁৱৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি অৰুণাচল চৰকাৰে গাঁওখনত বিজুলি, পানীযোগান, বাট-পথকে আদি কৰি আন্ত:গাঁথনি উন্নয়নত হাত উজান দিছে । তেনেস্থলত গাঁৱৰ বাসিন্দাসকলে ভৱিষ্যতে অৰুণাচল চৰকাৰৰ অধীনত থকাৰ ইচ্ছা প্ৰকাশ কৰিছে । ১৯৬২ চনতে স্থাপন হোৱা গাওঁখনৰ বাসিন্দাই অসম চৰকাৰৰ পৰা দেশ স্বাধীন হোৱাৰ দিনৰে পৰা অৱহেলিত হৈ থকা বুলি গাঁওবুঢ়াই উল্লেখ কৰে।
তাৎপৰ্যপূৰ্ণভাৱে গাঁওবুঢ়াই হঞ্জুৱাৰা গাওঁখন প্ৰকৃততে অসমৰ নে অৰুণাচলৰ সেই কথাও স্পষ্ট নহয় বুলি উল্লেখ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । য়াংকুকে পূৰ্বপুৰুষৰ কথা উল্লেখ কৰি গাঁওখনৰ বাসিন্দাসকলে মাত্ৰ ঘৰ-বাৰী সাজি জীৱন নিৰ্বাহ কৰা বুলিহে উল্লেখ কৰে। অসম চৰকাৰৰ পৰা এটা বেজী পৰ্যন্ত নোপোৱা বুলি তেওঁ ক্ষোভ ব্যক্ত কৰি ভৱিষ্যতে অসম চৰকাৰে সকলো সুবিধা দিলেও অসমত থকাৰ অনিচ্ছা প্ৰকাশ কৰি অৰুণাচলত চামিল হোৱাৰ সদিচ্ছা প্ৰকাশ কৰে।
দুখৰ দিনত অৰুণাচল চৰকাৰক আবেদন-নিবেদন কৰি সকলো প্ৰয়োজনীয় সা-সামগ্ৰী পায় বুলি উল্লেখ কৰি অসমৰ নাগৰিক হোৱাৰ কথা নসাৎ কৰে । প্ৰশ্ন হয়, প্ৰকৃতপক্ষে গাওঁখনৰ গাওঁবুঢ়াজনৰ কথাই যদি সত্য হয় কিম্বা অৰুণাচল প্ৰদেশত যদি গাঁওখন চামিল হয় তেন্তে নিশ্চিত ৰূপত অসমে হেৰুৱাব প্ৰায় ৫ শ হেক্টৰ ভূমি। দুৰ্ভাগ্যবশতঃ যদিহে গাওঁখন অৰুণাচলত চামিল হয় তেন্তে বেদখলমুক্ত কৰিবলৈ মিজোৰাম সীমান্তৰ লাইলাপুৰৰ দৰে ঘটনাৰ যে পুনৰাবৃত্তি নহ’ব তাক নুই কৰিব নোৱাৰি । জুৰ পুৰি হাত পোৱাৰ আগতেই অসম চৰকাৰে এই স্পৰ্শকাতৰ বিষয়টোক লৈ সঠিক স্থিতি গ্ৰহণ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে ।