ছবিপ্ৰেমীৰ বাবে এটা দুঃখবৰ! ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিত বাধা প্ৰদান আদালতৰ

১জুন,গুৱাহাটী: ২ জুনত ‘শ্ৰী ৰঘুপতি’ ছবিখনৰ মুক্তিলাভৰ কথা আছিল । কিন্তু দুখৰ বিষয় যে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা আৰু অধিৱেশন ন্যায়াধীশৰ আদালতৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ছবিখনৰ মুক্তিত বাধা প্ৰদান কৰে ।

তদুপৰি ছবিখনৰ পৰিচালৰ প্ৰাক্তন প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে চুক্তি ভংগৰো অভিযোগ উত্থাপন হৈছিল ।

উল্লেখ্য যে পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই এই সন্দৰ্ভত নিম্ন আদালতত গোচৰ তৰিছিল ।

এই বিগ বাজেটৰ অসমীয়া ছবি শ্ৰী ৰঘুপতিত ৰবি শৰ্মাৰ উপৰিও অভিনয় কৰিছে প্ৰীতি কংগনা, প্ৰিময় পল্লৱী, সিদ্ধাৰ্থ শৰ্মা, অৰুণ নাথ আদিৰ দৰে নবীন-প্ৰবীণ অভিনেতাই ।

Leave A Reply

Your email address will not be published.