১ জুন,গুৱাহাটী: এজন মানুহক সুস্থ হৈ থাকিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন । এই কথা হয়তো সকলোৰে জ্ঞাত যে পানীয়ে শৰীৰৰ সকলো অংগক সঠিকভাৱে কাম কৰাত সহায় কৰে । সেয়েহে এজন লোকে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অতি প্ৰয়োজন ।

বয়স, লিংগ, তথা শৰীৰৰ ওজন আদিৰ ফালৰ পৰা ব্যক্তিভেদে পানী খোৱাৰ পৰিমাণো ভিন্ন হয় ।
১-৩ বছৰীয়া শিশুৰ বাবে ৮০০ ৰ পৰা ১০০০ মিলিলিটাৰ পানী খোৱা প্ৰয়োজন
সেইদৰে কিশোৰ কিশোৰী সকলে ১৯০০ ৰ পৰা ২৬০০ মিলিলিটাৰ খাব লাগে
সেইদৰে প্ৰাপ্তবয়স্ক সকলে ২০০০ ৰ পৰা ৩০০০ দিনটোত মিলিলিটাৰ পানী খাব লাগে