কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে সুখবৰ … কেবিনেটত ৩শতাংশ ডিএ বৃদ্ধি সিদ্ধান্ত মোদী চৰকাৰৰ …
কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীপাৱলীৰ আগে আগে এটা উপহাৰ লাভ কৰিব । বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ডিএ তিনি শতাংশ বৃদ্ধি কৰা সিদ্ধান্ত লয় । এই বৃদ্ধিৰ সৈতে ডিএ ৩১ শতাংশলৈ বৃদ্ধি হৈছে । এক কোটিতকৈও অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ এই ডিএৰ পৰা লাভান্বিত হ’ব ।