মৃত্যুলৈ অপেক্ষাঃ নিজেই খন্দালে কবৰ; কেনেকৈ উমান পাইছিল নিজৰ মৃত্যুৰ?

উত্তৰ প্ৰদেশৰ বাৰাবংকী জিলাত শুকুৰবাৰে সংঘটিত হ’ল এক অসাধাৰণ ঘটনা। মহম্মদ শফী নামৰ ১০৯ বছৰীয়া বৃদ্ধগৰাকীয়ে নিজেই আত্মীয় তথা ওচৰ-চুবুৰীয়াক তেঁওৰ মৃত্যু হ’ব বুলি খবৰ দিয়ে। দিনৰ ১ বাজি ১০ মিনিটত তেঁওৰ মৃত্যু হ’ব বুলি আগজাননী পোৱাৰ কথা দাবী কৰে। লগে লগে এক হাহাকাৰ আৰু কৌতুহলী পৰিস্থিতিৰ সৃষ্টি হয়। মানুহবোৰে প্ৰাণবায়ু কেতিয়া যায় চাবলৈকে যেন অপেক্ষা কৰি আছিল। মানুহৰ ভাৱনাৰ আগত সেও মানি আৰক্ষীয়েও কৰিবলগা হৈছিল দীৰ্ঘ প্ৰতিক্ষা। ‘নিৰ্ধাৰিত’ মৃত্যুৰ সময় উকলি গ’ল না মৃত্যুদূত আহিল, না প্ৰাণবায়ু গ’ল। পাছত বহুত বুজাই-বঢ়াই লোকজনক ঘৰলৈ পঠিয়াই দিয়া হ’ল।

উল্লেখ্য যে, বৃদ্ধজনৰ মৃত্যুৰ খবৰ শুনি পুৱাৰেপৰা গাঁওখনলৈ বিভিন্ন লোকৰ আগমন হৈছিল। মানুহজনে আনকি গাঁৱৰ কবৰস্থানত কবৰ খন্দাই গা-পা ধুই তাত গৈ ৰৈ আছিল।

Leave A Reply

Your email address will not be published.