ৰঙা ঘৰৰ আলহী হ’ব নেকি সত্যৰঞ্জন বৰা?

সময়ে সময়ে নিজৰ মন্তব্যৰ বাবে বিতৰ্কত সোমাই পৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিপদ সমাগত! ইছলাম ধৰ্মৰ শেষ নবী হজৰত মহম্মদক লৈ বৰাই ফেচবুকত অপমানসূচক মন্তব্য কৰাৰ পাছতে বহুকেইটা সংগঠনে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এইবাৰ আন এক এজাহাৰ দাখিল কৰিছে সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ কামৰূপ জিলা সমিতিয়ে।

আজি সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ কামৰূপ জিলা সমিতিৰ সভাপতি জাহিদুল ইছলামে দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীত সত্যৰঞ্জনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। উল্লেখ্য যে, হজৰত মহম্মদক ‘ডকাইত’ আখ্যা দিয়াৰ লগতে হাদিছত বৰ্ণিত জান্নাতৰ ৭২গৰাকী পৰিচাৰিকাক যৌন কৰ্মী, বেশ্যা বুলি ফেচবুকত সত্যৰঞ্জন বৰাই বিতৰ্কিত মন্তব্য কৰিছিল৷

বৰাই নিজৰ ফেচবুক একাউণ্টত এনে বিতৰ্কিত পোষ্ট কৰাত জাঙুৰ খাই উঠিছে অসমৰ মুছলমান সমাজ। এনে পৰিপেক্ষিতত দেওবাৰে আবেলি সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ কামৰূপ জিলা সমিতিৰ সভাপতি জাহিদুল ইছলামে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰি সত্যৰঞ্জন বৰাক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

Leave A Reply

Your email address will not be published.