দুচকীয়া বাহনত শিশুক তোলাৰ নিয়ম সলনি, মোদী চৰকাৰে বনাইছে কঠোৰ নিয়ম

শিশুক দুচকীয়া বাহনৰ আগফালে বা পিছফালে তুলি যদি যাত্ৰা কৰে তেনেহ’লে আপোনাৰ কাৰণে নতুন খবৰ। পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰালয়ে (MoRTH) শিশুৰ সুৰক্ষাৰ কাৰণে কেতবোৰ নিয়মৰ (New Rules) সালসলনি কৰিছে। দৰাচলতে কেন্দ্ৰৰ মোদী চৰকাৰে শিশুৰ কাৰণে দুচকীয়া বাহনৰ যাত্ৰা অধিক সুৰক্ষিত কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰে বৰ্ধিত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ (Road Accidents) কৰিবলৈ দুচকীয়া বাহনৰ ডিজাইন আৰু পিছফালে বহাৰ নিয়মৰ সালসলনি কৰিছিল।

পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰালয়ৰ মতে, বাইক চলোৱা শিশুক লৈ যাত্ৰা কৰাসকলে কেতবোৰ নতুন নিয়মৰ (Bike Ride Rules) পালন কৰিব লাগিব। ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে বাইকৰ পিছফালৰ ছীটৰ দুয়োফালে হেণ্ড হোল্ড বাধ্যতামূলক কৰিছিল। বাইক চালকে হঠাৎ ব্ৰেক মাৰিব লগীয়া হ’লে এই হেণ্ড হোল্ড পিছফালে থকাজনৰ কাৰণে সহায়ক হয়।

মন্ত্ৰালয়ে যোৱাবাৰ কৰা পৰিৱৰ্তনৰ ভিতৰত বাইকৰ পিছফালে বহাজনৰ কাৰণে দুয়োফালে ভৰি ৰখা স্থান অনিবাৰ্য কৰিছিল। ইয়াৰ লগতে বাইকৰ পিছফালে চকাৰ বাওঁফালে কমেও আধা ঠাই কভাৰ কৰাৰ পৰামৰ্শ দিছিল যাতে বহাজনৰ কাপোৰ চকাত লাগি নধৰে।

Leave A Reply

Your email address will not be published.