কাপলাবড়ী-নাৰোৱাত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ…

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে মদৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান। তৎপৰ হৈ পৰিছে দৌলাশাল আৰক্ষী । দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত কাপলাবড়ী আৰু নাৰোৱাত বুধবাৰে সন্ধিয়া মদৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় দৌলাশাল আৰক্ষীয়ে। দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কাপলাবড়ী আৰু নাৰোৱাৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অবৈধভাবে মজুত ৰখা ১৪৬ টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী অহাৰ উমান পাই অবৈধ মদৰ ব্যৱসায় কৰা দুষ্ট প্ৰকৃতিৰ লোক দুগৰাকী পলায়ন কৰে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.