দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি গ’ল ভাৰত। প্ৰতিৰক্ষা ক্ষেত্ৰত নতনুৈক সংযোজন ঘটিল আন এক ক্ষেপনাস্ত্ৰ। প্ৰতিৰক্ষা ক্ষেত্ৰখনৰ এই নৱতম সংযোজন হৈছে বেলিষ্টিক মিছাইল অগ্নি-৫।
বুধবাৰে ওড়িষ্যাত থকা ড০ এ পি জে আব্দুল কালাম আইলেণ্ডত পৰীক্ষা সম্পন্ন কৰা হয় বেলিষ্টিক মিছাইল অগ্নি-৫ ৰ পৰীক্ষা। সন্ধিয়া ৭-৫০ বজাত সফলতাৰে পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে দেশৰ প্ৰতীৰক্ষা ক্ষেত্ৰখনৰ সৈতে নতুনকৈ সংযোজন হৈ পৰি অগ্নি-৫। এই ক্ষেপনাস্ত্ৰক ভূমিৰ পৰা ভূমিলৈ নিক্ষেক কৰিবলৈ সক্ষম হ’ব।
আনহাতে নতুনকৈ সংযোজন হোৱা অগ্নি-৫ যে ৫০০০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত শত্ৰু পক্ষক আঘাত হানিব পাৰে। দীৰ্ঘ দূৰত্বত আঘাত হানিব পৰা এই ক্ষেপনাস্ত্ৰই শত্ৰু পক্ষক চিন্তিত কৰি তুলিছে।