৫ ৰাজ্যৰ নিৰ্বাচনৰ বাবে সাজু হ’বলৈ নিৰ্বাচন আয়োগৰ পত্ৰ…

সমাগত ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। সেই উপলক্ষে দেশৰ নিৰ্বাচন আয়োগে এই ৰাজ্যসমূহৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াসকললৈ প্ৰেৰণ কৰিছে বিশেষ পত্ৰ। তেওঁ ৰাজ্য কেইখনৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ এই পত্ৰৰ জৰিয়তে আহ্বান জনাইছে।এই পত্ৰত আয়োগে কয় যে, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ আৰু গোৱাত বিধানসভাৰ ম্যাদ উকলি যোৱাৰ সময় ওচৰচাপি আহিছে। নিৰ্বাচন আয়োগে ৰাজ্যিক কৰ্তৃপক্ষক তেওঁলোকৰ জিলাসমূহত বিষয়াসকলৰ স্থিতি মূল্যায়ন কৰিবলৈ কৈছে। আয়োগে কৈছে যে আমি এটা নীতি অনুসৰণ কৰি আছো। ইয়াৰ অধীনত, নিৰ্বাচনৰ সময়ত গৃহ জিলাত কোনো কৰ্মচাৰী নিযুক্তি দিব নোৱাৰি।ইফালে সৰু ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ লগতে সৰু জিলা থকাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিষয়া পোষ্টিং সৃষ্টি হৈ আহিছে। জিলা নিৰ্বাচনী বিষয়া, উপ-জিলা নিৰ্বাচনী বিষয়া, ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, নিৰ্বাচনী পঞ্জীয়ক বিষয়া, সহকাৰী নমিৰ্বাচনী পঞ্জীয়ক বিষয়া, এ ডি এম, এছ ডি এম আদিয়ে এনে পৰিস্থিতিত বিষয়াসকলে নিজৰ অসুবিধাৰ কথা আৰু ইয়াৰ অন্তৰালত থকা কাৰণ সম্পৰ্কে নিৰ্বাচনী আয়োগক জনাব পাৰিব বুলিও ঘোষণা কৰিছে্।

Leave A Reply

Your email address will not be published.