হৃদ ৰোগত আক্ৰান্ত হৈ অকালতে হেৰাই গ’ল এটি সুন্দৰ প্ৰতিভা। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ।
ভাৰতৰ যুৱ ক্ৰিকেটাৰ অভি বাৰোটে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।২৯ বছৰ বয়সতে মৃত্যুক সাৱটু লব লগা হ’ল এইজন যুৱ ক্ৰিকেটাৰে। অভি বাৰোটে সৌৰাষ্ট্ৰৰ হৈ ক্ৰিকেট খেলিছিল। তেওঁৰ মৃত্যুৰ খবৰ সৌৰাষ্ট্ৰ ক্ৰিকেট সংস্থাই দিছে। তেওঁ চলিত বছৰৰ জানুৱাৰীত খেলা ছৈয়দ মুস্তাক আলী ট্ৰফীতো সৌৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল। হাৰিয়ানা আৰু গুজৰাটৰ হৈ ক্ৰিকেট খেলিছিল আভি বাৰোটে। শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুক সাৱটি লয় এইগৰাকী যুৱ ক্ৰিকেটাৰে। সৌৰাষ্ট্ৰ ক্ৰিকেট সংস্থাই শোক প্ৰকাশ কৰিছে অভি বাৰোটৰ মৃত্যুত । এগৰাকী সুন্দৰ ক্ৰিকেটাৰ মৃত্যুৱে দেশৰ ক্ৰিকেট জগতত এক বৃহৎ ক্ষতি কৰিলে।তেঁও ২০১১ চনত ১৯অনুৰ্ধ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বট আছিল অভি বাৰোট।