গোসাইগাঁও সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ

গোসাইগাঁও সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ৷ শাসকীয় দলৰ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি বিৰোধী দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷ নিৰ্বাচনী ৰণডংকা বজাই গোসাইগাঁৱত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ মিত্ৰযোট দল ইউ পি পি এলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে বিপিএফ, এ আই ইউ ডি এফ আৰু কংগ্ৰেছ অৰ্থাৎ চৰকাৰ নথকা দলৰ প্ৰাৰ্থীক ভোট নিদি ইউ পি পি এলৰ প্ৰাৰ্থী ট্ৰেক্টৰ ছবিত ভোট দি গোসাইগাঁৱৰ উন্নয়ন আনিবলৈ আহ্বান জনায়।

সোমবাৰে মৰনৈ চাহ বাগিচাৰ অতিথিশালাত নিশা কটালে মুখ্যমন্ত্ৰীয়ে৷ সমষ্টিটোত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ অভিযান চলায়৷ বিজেপিয়ে ইউপিপিএলৰ সৈতে মিত্ৰতা আছে ইয়াত কোনোবা দলে কলেও নহব বুলি কৈ বিজেপি মিত্ৰযোট চৰকাৰে গোষ্ঠীগত সংঘৰ্ষত মৃত্যু হোৱা পৰিয়াললৈ পাঁচ লাখকৈ আৰ্থিক সাহায্য, মাইক্ৰ’ফাইনাঞ্চৰ ঋণ চৰকাৰে ঘুৰাই দিয়া প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে

প্ৰতিকূল বতৰ নেওচি কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা প্ৰত্যক্ষ কৰি ৰাইজৰ এই উপস্থিতিয়ে মিত্ৰযোট দলৰ প্ৰাৰ্থীৰ বিজয়ৰ ইংগিত বহন কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। উপ নিৰ্বাচনৰ ৰণডংকাত মুখ্যমন্ত্ৰীক সংগ দিয়ে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী প্ৰমুখ্যে বহু বি জে পি ইউ পি পি এলৰ উচ্চ পদস্ত নেতা সকলে

Leave A Reply

Your email address will not be published.