পেটৰ অসহ্য বিষ লৈ এজন যুৱক কাষ চাপিল চিকিৎসকৰ। চিকিৎসকেও কতো কোনো ধৰণৰ বিসংগতি দেখা নাপাই শেষত যুৱকজনক এখন এক্সৰে কৰাবলৈ কলে। এক্সৰে কৰাৰ পিছতেই ওলাল উৰহী গছৰ ওৰ। যুৱকজনৰ এক্সৰে দেখি চিকিৎসকজন আচৰিত হৈ পৰে। কাৰণ যুৱকজনৰ পেটত সোমাই আছিল এটা মোবাইল ফোন। কেনেদৰে মোবাইল ফোনটো পেটৰ ভিতৰত সোমাল বুলি যুৱকজনক সোধে চিকিৎসকে।
৩৩ বছৰীয়া যুৱকজনে মোবাইল ফোনটো নিজে গিলাৰ কথা স্বীকাৰ কৰে কিন্তু কি কাৰণে তেওঁ মোবাইল ফোনটো গিলিছিল সেই কথা স্পষ্টকৈ নকলে। চিকিৎসকৰ এটা দলে অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে সুকলমে মোবাইল ফোনটো যুৱকজনৰ পেটৰ পৰা বাহিৰ কৰে। যুৱকজনে চিকিৎসকজনক এটা কথা কৈছিল যে ফোনটো গিলি দিয়াৰ সময়ত ভাবিছিল ই সহজেই হজম হৈ যাব। কিন্তু গিলি দিয়াৰ পিছতে পাকস্থলী পোৱাৰ পূৰ্বেই খাদ্যনলীত লাগি ধৰে ফোনটো। যাৰ বাবে খাদ্য গ্ৰহণ কৰাত কিছু অসুবিধাৰ সৃষ্টি হৈছিল। পিছলৈ অন্য বহুতো সমস্যাও দেখা দিবলৈ ধৰে।
অস্ত্ৰোপচাৰৰ পিছত উদ্ধাৰ হোৱা মোবাইল ফোনটো
যুৱকজনৰ পেটত মোবাইল ফোনটো এদিন দুদিন নহয় ছমাহ দিন ধৰি সোমাই থাকিল। অৱশেষত অসহ্য পেট বিষ হোৱাত সহ্য কৰিব নোৱাৰি চিকিৎসকৰ ওচৰলৈ যাবলৈ তেওঁ বাধ্য হয়। চিকিৎসকজনে এই সন্দৰ্ভত কয় যে সুদীৰ্ঘ চিকিৎসকৰ কৰ্মজীৱনত এনেকুৱা আজৱ ৰোগী কেতিয়াও তেওঁ লগ পোৱা নাই৷ এই ঘটনাটো ইজিপ্তৰ।