ধুবুৰী আৰক্ষীৰ জালত নিচাযুক্ত টেবলেটসহ দুই যুৱক

কালি মাজনিশা চলোৱা ধুবুৰী আৰক্ষীৰ এক অভিযানত নিচাযুক্ত সামগ্ৰীসহ দুজন ব্যক্তি কৰায়ত্ব হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱাকালি প্ৰায় মাজনিশা ধুবুৰী চহৰৰ ৮নং ৱাৰ্ডত জিলাখনৰ উপ–আৰক্ষী অধীক্ষক দীপাঙ্কৰ দত্ত লহকৰৰ নেতৃত্বত আৰক্ষীৰ এটি দলে এটা অভিযান চলাইছিল। সেই অভিযানত সম্পৰ্কত ভায়েক ককায়েক জনৈক শ্বৰিফ আহমেদ আৰু ভাতৃ জনৈক আৰিফ আহমেদৰ গৃহৰ পৰা নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ইতিমধ্যে দুয়োকে কৰায়ত্ব কৰি ধুবুৰী সদৰ থানাত আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.