অত্যাধুনিক প্রযুক্তিৰে সমৃদ্ধ চিকিৎসাখণ্ডত চমকপ্রদ সাফল্যৰে আমেৰিকা যুক্তৰাষ্ট্রৰ শল্য চিকিৎসকৰ দল এটাই চিকিৎসাক নতুন গতি দিলে৷ যিয়ে বিশ্বজুৰি দেহৰ বিকল অংগ সংৰোপণৰ গভীৰ অপেক্ষাৰ অন্ত পেলাব৷ প্রথমবাৰৰ বাবে মানৱ দেহত গাহৰিৰ বৃক্কৰ সফল সংৰোপণ কৰি আমেৰিকাৰ শল্য চিকিৎসকে চিকিৎসাখণ্ডত যুগান্তকাৰী সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্ক চহৰৰ এন ৱাই ইউ লেংগন হেল্থত এজন ৰোগীৰ দেহত চিকিৎসকৰ দল এটাই গাহৰিৰ বৃক্ক সংৰোপণ কৰিলে৷ বৃক্ক সংৰোপণৰ পাছত ৰোগীজনৰ প্রতিৰোধী ব্যৱস্থাত কোনোধৰণৰ নেতিবাচক প্রতিক্রিয়া হোৱা নাই৷ ইয়ে শল্য চিকিৎসকৰ দলটোক মানৱ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণৰ পৰীক্ষণত সফলতা অনাত সহায় কৰিলে৷ চার্জন ডাঃ ৰবার্ট মণ্টগোমাৰীয়ে নেতৃত্ব লোৱা এই সফল গৱেষণা চলোৱা হৈছে এন ৱাই ইউ লেংগন হেল্থত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলা ৰোগীৰ দেহত৷ মগজু প্রায় মৃত মহিলাগৰাকীৰ বৃক্ক প্রায় বিকল হৈ পৰাৰ পাছত শল্য চিকিৎসকৰ দলটোৱে পৰিয়ালৰ সন্মতি সাপেক্ষে লাইফ ছাপ’টত নিয়াৰ পূর্বে মহিলাগৰাকীৰ বৃক্কটো আঁতৰাই গাহৰিৰ বৃক্ক সংৰোপণ কৰে৷
মহিলাগৰাকীৰ দেহত গাহৰিৰ বৃক্কটো সংৰোপণ কৰাৰ পাছত মহিলাগৰাকীৰ তেজ চলাচলকে ধৰি শৰীৰৰ বাহ্যিক দিশতো সকলো সঠিক হৈ থাকে৷ বৃক্ক সংৰোপণৰ পাছত মহিলাগৰাকীৰ শৰীৰৰ সকলো ব্যৱস্থা প্রায় স্বাভাৱিক হৈ থাকে বুলি প্রকাশ কৰিছে চার্জন মণ্টগোমাৰীয়ে৷ চার্জনগৰাকীয়ে প্রকাশ কৰা মতে, মহিলাগৰাকীৰ অস্বাভাৱিক ক্রিটিনাইনৰ পর্যায় আৰু প্রায় বিফল বৃক্কৰ প্রক্রিয়া পুনৰ স্বাভাৱিক অৱস্থালৈ উভতি আহে দেহত গাহৰিৰ বৃক্ক সংৰোপণৰ পাছত৷ তিনি দিন ধৰি গৱেষকে মহিলাগৰাকীৰ শৰীৰৰ সূক্ষ্ম পর্যবেক্ষণৰ অন্তত গাহৰিৰ বৃক্কই মানৱ বৃক্কৰ দৰেই কার্যক্ষম হৈ থাকে বুলি নিশ্চিত হয়৷ সবাতোকৈ গুৰুত্বপূর্ণ যে আমেৰিকাৰ চিকিৎসকে ৰুগ্ণ মহিলাৰ দেহত সংৰোপণ কৰা গাহৰিৰ বৃক্কটো সম্পূর্ণ স্বাভাৱিক৷ ইয়াত কোনো কৃত্রিমতা নাই৷
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রত প্রায় এক লাখ ৭ হাজাৰ লোক দেহৰ বিকল অংগ সংৰোপণৰ বাবে গভীৰ অপেক্ষাত আছে৷ ইয়াৰ ভিতৰত ৯০ হাজাৰতকৈ অধিক লোক বৃক্ক সংৰোপণৰ বাবে শাৰী পাতি আছে৷ এনে সময়তে চিকিৎসকৰ দলে মানৱ দেহত অন্য প্রাণীৰ বিশেষকৈ গাহৰিৰ বৃক্ক সফলতাৰে সংৰোপণ কৰা সাফল্যই বিশ্বৰ চিকিৎসা খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ মন কৰিবলগীয়া যে বৃক্ক বিকল হোৱা লোকে বৃক্ক সংৰোপণৰ বাবে ৩–৫ বছৰলৈকে অপেক্ষা কৰিবলগীয়া হয়৷ আনকি নানা আহুকাল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ এই সমস্যাসমূহ আমেৰিকাৰ চিকিৎসকে লাভ কৰা সাফল্যই আঁতৰ কৰাত বৰঙণি যোগাব পাৰে৷