নেখেলোঁতেই হাৰিল পাকিস্তান! বিশ্বকাপত ভাৰতক দিলে ৱাক অভাৰ

নেখেলোঁতেই হাৰিল পাকিস্তান! বিশ্বকাপত ভাৰতক দিলে ৱাক অভাৰ। ২৪ অক্টোবৰত টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মহাসমৰ। কাশ্মীৰত পাক সন্ত্ৰাসবাদীয়ে ৰক্তপাত চলাই থকাৰ মাজতে খেল পতাক লৈ ভালেমান ৰাজনীতিকে প্ৰশ্ন উত্থাপন কৰি আহিছে। কিন্তু তাৰ মাজতো খেলৰ প্ৰস্তুতি চলিছে। এফালে ভাৰতে বিশ্বাকাপত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লগতে বিশ্বকাপ জয়ৰো প্ৰস্তুতি চলাইছে। ইফালে, পাকিস্তানে খেলৰ পূৰ্বেই একপ্ৰকাৰ নেজ পেলাই দিছে।

বিশ্বকাপ ভাৰতেই জিকিব, আমি খেলি কি হ’ব? প্ৰকাৰন্তৰে এই কথাকে ক’লে পাকিস্তানৰ এগৰাকী তাৰকা ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়কে। বিশ্বকাপত ভাৰতৰে জয়ৰ সম্ভাৱনাৰ কথা স্পষ্টকৈ কৈ দিলে তেওঁ। তেওঁৰ মতে ইউএইৰ পৰিৱেশত ভাৰততকৈ বিপদজনক টীম নাই। দুয়োখন প্ৰস্তুতি মেচত ভাৰতৰ প্ৰদৰ্শনৰ দেখাৰ পাছত তেওঁ এই মন্তব্য কৰে। তেওঁ হৈছে তাৰকা ক্ৰিকেটাৰ তথা পাকিস্তান দলৰ প্ৰাক্তন অধিনায়ক ইনজামামুল হক। তেওঁ কয়, ‘উপমহাদেশৰ এই পিটছত টি-২০ত এই দলটোৱেই আটাইতকৈ বিপদজনক দল। যদি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰস্তুতি মেচখনলৈ আমি চাওঁ দেখিম যে, কি অনায়াসে তেওঁলোকে ১৫৩ৰাণৰ লক্ষ্য অনুসৰণ কৰিলে। বিৰাট কোহলী টীমত নাথাকিলেও, তেওঁ বেটিং নকৰিলেও ভাৰতে এনে লক্ষ্য অনুসৰণ কৰিব পাৰে। অষ্ট্ৰেলিয়াৰ দৰে দলৰ সন্মুখতো তেওঁলোকৰ কোনো অসুবিধাই হোৱা নাই।’ তেওঁ লগতে কয়, এনে প্ৰতিযোগিতাত কোন জিকিব সেয়া নিশ্চিতকৈ ক’বপৰা নাযায়। ইয়াত সম্ভাৱনাৰ কথাহে ক’ব পাৰি। কিন্তু মোৰ দৃষ্টিত সকলো টীমতকৈ এইবাৰ ভাৰতীয় দলৰেই সম্ভাৱনা বেছি। বিশেষকৈ এই পৰিৱেশত। ভাৰতীয় টি-২০ দলত ভালেমান অভিজ্ঞ খেলুৱৈ থকা বুলি প্ৰকাশ কৰি তেওঁলোক বেটে-বলে উজলি উঠিবলৈ সক্ষম বুলি ইনজামামে প্ৰকাশ কৰে। ইউএইৰ পীটছত স্পীনাৰৰ ভূমিকাৰ কথা প্ৰকাশ কৰি তেওঁ কয়, জাডেজা, অশ্বিনৰ দৰে অভিজ্ঞ স্পীনাৰে ভাৰতীয় দলৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

২৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মেচখন ফাইনেলৰ পূৰ্বৰ ফাইনেল বুলিও তেওঁ অভিহিত কৰে। তেওঁ এই খেলখনৰ দৰে উত্তেজনা আন ক’তো নাথাকে বুলি উল্লেখ কৰি এখন ভাল খেল চাবলৈ পোৱাৰ আশা কৰে যদিও পাকিস্তান জয়ী হ’ব বুলি তেওঁ এবাৰো নক’লে। বিশ্বকাপত ভাৰতৰ পূৰ্বৰ ৰেকৰ্ড আৰু দলটোৰ শেহতীয়া ফৰ্মলৈ চায়েই পাকিস্তানে খেলৰ পূ্ৰ্বেই যেন মানি লৈছে হাৰ। মন কৰিবলগীয়া যে, কেৱল ইনজামামেই নহয়, বিশ্বকাপত পাকিস্তানৰ প্ৰস্তুতিক লৈ প্ৰশ্ন কৰিছে ছলমান বাটৰ দৰে দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰেও। প্ৰস্তুতি মেচ সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত ছুপাৰ-১২ত পাকিস্তান বিপদত পৰিব বুলিও তেওঁ মন্তব্য কৰিছে। তেওঁ ভাৰতৰ প্ৰস্তুতিক প্ৰশংসা কৰি কয়, ভাৰতে প্ৰস্তুতি মেচক সুন্দৰকৈ ব্যৱহাৰ কৰিছে আৰু সকলো খেলুৱৈকে সুযোগ দিছে। আইপিএলত খেলা খেলুৱৈয়েও সুযোগ পাইছে। কিন্তু পাকিস্তানে সেয়া কৰিব পৰা নাই। তেওঁলোকৰ প্ৰস্তুতি দেখি ভাব হৈছে তেওঁলোকে টীম হিচাপে খেলা নাই। বাবৰ আজমৰ দৰে তাৰকা বেটছমেনেও আনকি মেনেজমেণ্টৰ ভুলৰ বাবে দলত স্থান লাভক লৈ অনিশ্চয়তাত ভুগা বুলিও বাটে অভিযোগ কৰে।
অৰ্থাত প্ৰস্তুতি আৰু প্ৰদৰ্শন উভয় দিশৰ পৰা ভাৰত আগুৱাই থকা বুলি স্বীকাৰ কৰি পাকিস্তানৰ ক্ৰিকেটাৰে এতিয়া প্ৰকাৰন্তৰে মানি লৈছে যে, খেলত ভাৰতেইতো জিকিব। আমি খেলিনো কি হ’ব?

Leave A Reply

Your email address will not be published.