ৰাজ্যত পুণৰ হ’ব গুণোৎসৱ

ছাত্র–ছাত্রীৰ বিদ্যায়তনিক দিশ মূল্যায়ন কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে পুনৰ অনুষ্ঠিত কৰিব গুণোৎসৱ৷ মুখ্যতঃ বিদ্যালয়ৰ প্রতিটো স্তৰৰ শিক্ষাৰ মান নিৰূপণৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি, ছাত্র–ছাত্রীৰ শ্রেণী কোঠাত উপস্থিতি, মধ্যাহ্ণ ভোজনৰ মান আৰু শিক্ষকৰ পাঠদানৰ গুণাগুণ নিৰূপণ কৰাৰ লক্ষ্যৰে হ’ব লগা এই গুণোৎসৱ অনুষ্ঠিত হ’ব অহা বর্ষৰ ফেব্রুৱাৰী মাহৰ পৰা৷ ইয়াৰ বাবে শিক্ষা বিভাগে প্রতিখন বিদ্যালয়ক ছাত্র–ছাত্রীৰ সবিশেষ দাখিলৰ নির্দেশ দিছে৷

৩১ অক্টোবৰৰ ভিতৰতwww.axomssa.com এই ৱেবছাইটৰ জৰিয়তে শিক্ষার্থীৰ সকলো তথ্য বিদ্যালয় কর্তৃপক্ষই দাখিল কৰিব লাগিব৷ গুণোৎসৱৰ প্রস্তুতিক লৈ ব্যস্ত হৈ পৰা শিক্ষা বিভাগে ইয়াৰ বাবে প্রতিখন বিদ্যালয়ক সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

Leave A Reply

Your email address will not be published.