ৰাজ্যত কৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে৷ বিগত ২৪ ঘন্টাত ৰাজ্যত মুঠ৩৯,৭৬৮জনৰ দেহত কৰা হয় ক’ভিড টেষ্ট৷ তাৰভিতৰত ৩২৪জনৰ দেহত ধৰা পৰে কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল 0.৮১ শতাংশ৷ ইপিনে শনিবাৰে ২১৯জনে আৰোগ্য লাভ কৰে৷
আনহাতে মৃত্যুৰ মুখত পৰে ৩জনকৈ লোক৷ বৰ্তমানে চিকিৎসাধীন হৈ আছে ২,৬১১জন৷ কালি মৃত্যু হোৱা লোক কেইজন হৈছে ডিব্ৰুগড়, গোলাঘাট আৰু শোণিতপুৰৰ৷ প্ৰকাশ পোৱা তথ্য অনুসৰি গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ৮৮ জন লোক, বৰপেটাত ৫০জন, যোৰহাটত ১৮জন আৰু কামৰূপ গাম্যত১৭জনকৈ লোক৷
এতিয়ালৈ ৰাজ্যখনত ২,৪৪,২৩,২৩২ জনে ক’ভিত টেষ্ট কৰাইছে৷ তাৰভিতৰত ক’ভিডত আক্ৰান্ত হৈছে ৬,০৮,৪৫০জন৷ আনহাতে আৰোগ্য লাভ কৰিছে ৫,৯৮,৫১৫জনে আৰু মৃত্যুৰ মুখত পৰিছে ৫,৯৬৭জন লোক৷