১২ বছৰীয়া কন্যাই বান্ধৱীৰ সৈতে মিলি হত্যা কৰিলে আৰক্ষী বিষয়া পিতৃক, কাৰণ জানিলে আচৰিত হ’ব আপুনিও
এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে বান্ধৱীৰ সৈতে মিলি হত্যা কৰিলে পিতৃক। ছুৰীৰে আঘাত কৰিলে নিৰ্মমভাৱে হত্যা কৰিলে পিতৃক। হত্যাৰ আঁৰৰ কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ। ঘটনাটো ব্ৰাজিলৰ।
ব্ৰাজিলৰ ছাণ্টা কেটৰিনাত আৰক্ষীয়ে এগৰাকী ১২ বছৰীয়া কিশোৰী আৰু তেওঁৰ ১৩ বছৰীয়া বান্ধৱীক গ্ৰেপ্তাৰ কৰিছে। কিশোৰীগৰাকীয়ে ৪৬ বছৰীয়া পিতৃ নিফ লুইচক হত্যা কৰিছে। ৰিপ’ৰ্ট অনুসৰি, এই ঘটনাটো সংঘটিত হয় ১৫ অক্টোবৰত। কিশোৰীগৰাকীৰ পিতৃ আছিল এজন আৰক্ষী বিষয়া।
আটাইতকৈ আচৰিত কথাটো হ’ল হত্যাৰ আঁৰৰ কাৰণে সকলোকে আচৰিত কৰি তুলিছে। কিশোৰীগৰাকীয়ে বিখ্যাত হ’বলৈ সংঘটিত কৰে এই হত্যাকাণ্ড। ২০০২ চনত সংঘটিত এটা হত্যাৰ ঘটনাৰ পৰা কিশোৰীগৰাকী অনুপ্ৰেৰিত হৈছিল আৰু সোনকালে বিখ্যাত হ’বলৈ হত্যা কৰে নিজ পিতৃক।