জামিন পালে শ্বেৰমান আলীয়ে
চি এম ভিজিলেন্স গোচৰত জামিল লাভ কৰিলে শ্বেৰমান আলীয়ে।
জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়কগৰাকী।
গীতানগৰ থানাত ৰুজু হোৱা গোচৰত জামিন পোৱা নাই শ্বেৰমান আলীয়ে।
আদালতে এই গোচৰৰ জামিন আবেদন নাকচ কৰিছিল দুদিন পূৰ্বে।
গৰুখুঁটিত উচ্ছেদ কাণ্ডৰ সন্দৰ্ভত অসম আন্দোলনৰ ছহিদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল শ্বেৰমান আলীয়ে।
সেই সন্দৰ্ভত গীতানগৰ থানাত ৰুজু কৰা হৈছিল গোচৰ