শ্ৰমিক হত্যা কৰা আন এজন সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত…

বৃহস্পতিবাৰে জন্মু-কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষ। জন্মু-কাশ্মীৰৰ বাৰমুলাত সংঘটিত হৈছে এই ঘটনা। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এটা সন্ত্ৰাসবাদী। আনহাতে সেনা, আৰক্ষীয়ে সন্ত্ৰাসবাদীজনৰ পৰা ১ টা বন্দুক, গুলীৰে ভৰ্তি এটা মেগজিন আৰু এটা পাকিস্তানত নিৰ্মিত গ্ৰেণেড উদ্ধাৰ কৰা হৈছে।

কাশ্মীৰৰ আই জি বিজয় কুমাৰে এই বিষয়ে কৈছে যে, নিহত সন্ত্ৰাসবাদীজনক জাবেদ আহ ৱানী বুলি চিনাক্ত কৰা হৈছে। এই সন্ত্ৰাসবাদীজনে আন এজন সন্ত্ৰাসবাদী গুলজাৰৰ সৈতে ৱানপোহত দুজন বিহাৰী শ্ৰমিকক হত্যা কৰিছিল। গুলজাৰক যোৱা ২০ অক্টোবৰত হত্যা কৰা হৈছিল। জাভেদে বাৰামুলাত আন এজন ব্যৱসায়ীক হত্যা কৰাৰ প্ৰস্তুতি চলাই আছিল।

Leave A Reply

Your email address will not be published.