দেশত হ’ব পাৰে জন্মৰ প্ৰমাণ পত্ৰ নাগৰিকত্বৰ অন্যতম আধাৰ

দেশত হ’ব পাৰে জন্মৰ প্ৰমাণ পত্ৰ নাগৰিকত্বৰ অন্যতম আধাৰ । নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ কৰি জন্মৰ প্ৰমাণ পত্ৰক নাগৰিকত্বৰে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে । প্ৰধানমন্ত্ৰীৰ 60 points PM Action Planৰ সন্নিবিষ্ট কৰা হৈছে ধ্যান-ধাৰণা । দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত প্রকাশ পোৱা মতে PM Actin Planৰ প্রতিটো বিষয় প্ৰধানমন্ত্ৰীয়ে পুংখানুপুংখকৈ সকলো মন্ত্ৰণালয়ৰ সচিবৰ সৈতে আলোচনা কৰিছে ।

PM Action Planৰ আন বিষয় সমূহ হৈছে বাণিজ্যিক চুক্তিৰ জৰিয়তে সংস্থাপন বৃদ্ধি কৰা, পৰিয়ালৰ সকলো সদস্যৰ তথ্য সমৃদ্ধ এক database প্ৰস্তুত কৰা, এখনেই পৰিৱেশ আইন প্ৰস্তুত কৰা আদি । ইতিমধ্যে কেবিনেট সচিব ৰাজীৱ গৌবাই যোৱা ছেপ্টেম্বৰ মাহতে মন্ত্ৰণালয় সমূহৰ সচিব সমূহলৈ পত্ৰ প্ৰেৰণ কৰি এক সময় নিৰ্ধাৰিত কাৰ্যসূচী গ্ৰহণ কৰি PM Action Planৰ বিষয় সমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগক ৫বছৰৰ ভিতৰত দেশৰ পৰা দৰিদ্ৰতা সম্পূর্ণ ৰূপে নিৰ্মূল কৰাৰ দিশত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে । আনহাতে PM Action Planৰ যোগেদি নগৰ উন্নয়ন মন্ত্ৰণালয়ক গৃহ নিৰ্মাণৰ কাৰণে অনা শ্ৰমিক সকলৰ কাৰণে আৱাস ব্যৱস্থা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

Leave A Reply

Your email address will not be published.