জামিন নাপালে বাদশ্বাহ পুত্ৰ‌ই!

সচাঁই ভাল দিন চলি থকা নাই কিং খানৰ। বুধবাৰে আশা কৰিছিল পুত্ৰ কাৰাগাৰৰ পৰা ওলাব। কিন্তু শ্বাহৰুখ খানৰ সেই আশা পূৰণ নহ’ল। ইবাৰৰ পিছত সিবাৰ খাৰিজ হৈছে বাদশ্বাহ খ্যাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদন। মুম্বাই আৰ্থিৰ ৰোড জেলত ৮ অক্টোবৰৰ পৰা আছে শ্বাহৰুখৰ পুত্ৰ।

নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰ চমুৰৈ এন চি বিয়ে ড্ৰাগছ সংক্ৰান্তিয় গোচৰত ৩ অক্টোবৰত সমুদ্ৰৰ মাজৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান সহ ৮ জনক। তাৰ পাছত আদালতৰ দুৱাৰে দুৱাৰে ঘূৰিছে শ্বাহৰুখ খান। নামি-দামী অধিবক্তা নিযুক্তি দিছে শ্বাহৰুখ খানে। কিন্তু কোনেও কাৰাগাৰৰ পৰা মুকলি কৰিব পৰা নাই শ্বাহৰুখৰ পুত্ৰক।

বুধবাৰে মুম্বাইৰ এখন আদালতত শ্বাহৰুখৰ পুত্ৰ জামিন আবেদন দাখিল কৰা হৈছিল। কিন্তু নিম্ন আদালতে এই জামিন আবেদন নাকচ, কৰাৰ পাছত এতিয়া উচ্চ ন্যায়ালয়েই তেওঁলোকৰ পৰৱৰ্তী ভৰষা হৈ পৰিছে।

Leave A Reply

Your email address will not be published.